ফাইল ফটো
ফাইল ফটো

সৰভোগঃ আৰ এছ এছৰ আদৰ্শৰে অনুপ্ৰাণিত বিদ্যালয়ৰ বাবে বিধায়ক পুঁজিৰ পৰা ধন আৱণ্টন দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে। এনে সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে।

বিধায়কসকলৰ আনটাইড ফাণ্ডৰ পৰা ১০ কোটি টকা আৰ এছ এছ পৰিচালিত বেচৰকাৰী সংস্থা বিদ্যাভাৰতীৰ অন্তৰ্গত বিদ্যালয়সমূহৰ আন্ত:গাঠনি উন্নয়নৰ বাবে আৱণ্টন দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে এছ এফ আইৰ ৰাজ্যিক সমিতিয়ে। সংগঠনটোৱে অভিযোগ কৰি কয় যে আৰ এছ এছৰ প্ৰিয়ভাজন হ'বলৈ ন-বিজেপি শিক্ষামন্ত্ৰীজনে এই ক্ষেত্ৰত আগভাগ লোৱা বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে।

এক বিবৃতিত সংগঠনটোৱে আৰু কয় যে ছেবা ধংসৰ ষড়যন্ত্ৰ ৰচনা কৰা শিক্ষামন্ত্ৰীজনৰ এই উদ্যোগ অসমৰ ৰাজহুৱা শিক্ষাৰ সম্পূৰ্ণ বিৰোধী। পুঁজিৰ অভাৱত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা জহি-খহি যোৱাৰ সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক বিধায়ক পুঁজিৰ পৰা ধন আৱণ্টন দিয়াতোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে এছ এফ আই-এ। 

ৰাজহুৱা শিক্ষাখণ্ডত ব্যায় বৃদ্ধি কৰাৰ সলনি সংকুচিত কৰি বেচৰকাৰী খণ্ডলৈ চৰকাৰী সাহাৰ্য্য প্ৰদান কৰাৰ অন্তৰালত কি ৰহস্য লুকাই আছে বুলিও প্ৰশ্ন কৰে ছাত্ৰ সংগঠনটোৱে। উল্লেখ্য যে বিগত বৰ্ষত প্ৰাথমিক পৰ্যায়ত ৫০ শতাংশ ধন কৰ্তন উপৰি বাজেটত সাধাৰণ শিক্ষাৰ শিতানত প্ৰায় ১১০৬ কৌটি ৫৮ লাখ ৫৬ হাজাৰ টকা আৰু কাৰিকৰী শিক্ষাত ২২ কৌটি টকা কৰ্তন কৰিছে। ইয়াৰ বিপৰীতে বেচৰকাৰী সংস্থাটোলৈ আগবঢ়োৱা হৈছে ১০ কোটি টকা।

এনে পৰিপ্ৰেক্ষিতত এই ধৰণৰ অযুক্তিকৰ সিদ্ধান্ত পৰিহাৰ কৰি আন্ত:গাঠনি উন্নয়ন,পৰ্যাপ্ত শিক্ষক নিযুক্তি, প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়ন, তথৈবচ হৈ পৰা কাৰিকৰী শিক্ষা উন্নত কৰা, উচ্চ শিক্ষাত পৰ্যাপ্ত আসনৰ ব্যৱস্থা কৰা, বি এড পাঠ্যক্ৰম সকলো মহাবিদ্যালয়ত প্ৰয়োগ কৰাহে উচিত হ'ব বুলি সংগঠনটোৰ ৰাজ্যিক সমিতিয়ে মন্তব্য কৰে।

সংগঠনটোৱে বিবৃতিটোত স্পষ্ট কৰি দিয়ে যে বেচৰকাৰী সংস্থালৈ চৰকাৰী ধন আৱন্টন দিয়াটো মুঠেই গ্ৰহণযোগ্য নহয়। ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংসৰ মুখলৈ ঠেলি দি বেচৰকাৰী খণ্ড বিশেষভাৱে বিদ্যাভাৰতীৰ বিদ্যালয়সমূহলৈ ধন আৱণ্টন দিয়া কাৰ্যই ভৱিষ্যতে আগ্ৰাসী ৰূপত হিন্দুত্ববাদী আদৰ্শ আগুৱাই নিয়াৰ চৰকাৰী চক্ৰান্তকে উন্মোচিত কৰিছে বুলি উল্লেখ কৰি ইয়াৰ পৰিণতি ভয়াৱহ হ'ব বুলিও মন্তব্য কৰে ছা্ত্ৰ সংগঠনটোৱে।