'মই, ৰাহুল গান্ধী, লোকসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম, মই ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম আৰু মই গ্ৰহণ কৰিবলৈ ওলোৱা কৰ্তব্যৰ শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। জয় ভাৰত, জয় সংবিধান।’
হাতত সংবিধানৰ প্ৰতিলিপি লৈ এনেদৰেই সংসদৰ মজিয়াত যোৱা মঙলবাৰে ৰায়বৰেলীৰ সাংসদৰূপে শপত লয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখত এটা বিজয়ৰ হাঁহি সানি ৰাহুল গান্ধীয়ে সংবিধানৰ প্ৰতিলিপি হাতত লৈ গ্ৰহণ কৰা শপতেৰে তেওঁ পুনৰ এবাৰ প্ৰমাণ কৰিবলৈ চেষ্টা চলাই যে এই যুঁজ তেওঁৰ বাবে সংবিধান ৰক্ষাৰ যুঁজ আছিল।
বিগত বহু সময়ৰ পৰাই সংবিধান ৰক্ষাৰ কথা কৈ আহিছিল ৰাহুল গান্ধীয়ে। বিজেপিয়ে সংবিধান সলনি কৰিব বিচাৰিছে বুলি অভিযোগ কৰি ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো তেওঁ বাৰে বাৰে দোহাৰিছিল সংবিধান ৰক্ষাৰ কথা। সেই সময়ত তেওঁ সংবিধানৰ প্ৰতিলিপিও লগত লৈ ফুৰা দেখা গৈছিল।
এইবাৰ নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব পৰাকৈ পৰ্যাপ্ত আসন লাভ নকৰিলেও ফলাফলত ৰাহুল গান্ধী আৰু আন আন বিৰোধী নেতাই দাবী কৰা সংবিধান ৰক্ষাৰ যুঁজখনে জনতাৰ পৰা মান্যতা লাভ কৰিবলৈ সক্ষম হয়। সেয়ে নৱ নিৰ্বাচিত সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত ৰাহুল গান্ধীয়ে সংবিধানৰ প্ৰতিলিপি প্ৰদৰ্শন কৰাটোৱে তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বহু কথাই তুলি ধৰিছে বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকসকলে।
ইফালে, সাংসদৰূপে শপত গ্ৰহণ কৰাৰ ঠিক পিছতে সদনত বিৰোধী দলৰ নেতা হিচাপে ঘোষণা কৰা হয় ৰাহুল গান্ধীৰ নাম। ইণ্ডিয়া মিত্ৰজোঁটৰ আন আন দলৰ নেতাসকলৰ সৈতে হোৱা আলোচনাৰ পিছত লোকসভাত বিৰোধী দলৰ নেতাৰূপে চূড়ান্ত কৰা হয় ৰাহুল গান্ধীক।
২০০৪ চনত নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ ঘটিছিল গান্ধী পৰিয়ালৰ আন এজন সদস্য ৰাহুল গান্ধীৰ। কিন্তু কোনো পদ গ্ৰহণৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছিল গান্ধীক। ২০১৭ চনত দলীয় নেতা-কৰ্মীৰ অনুৰোধত তেওঁ কংগ্ৰেছৰ অধ্যক্ষ পদ গ্ৰহণ কৰে যদিও ২০১৯ৰ লোকসভা নিৰ্বাচনত দলৰ অতি শোচনীয় পৰাজয়ৰ পিছতে তেওঁ সেই পদৰ পৰা পদত্যাগ কৰে। কিন্তু এতিয়া কংগ্ৰেছ নেতাগৰাকীয়ে দায়িত্ব গ্ৰহণৰ বাবে তেওঁৰ অনীহাক অতিক্ৰম কৰি এটা নতুন ভাৱমূৰ্তি গঢ়াৰ প্ৰয়াস চলাইছে বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকলকে।
মঙলবাৰে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হোৱা ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীক বাছনি কৰাৰ পিছত এইবাৰ এই গুৰু দায়িত্ব বহনৰ ভাৰ মূৰ পাতি লয় গান্ধীয়ে। লক্ষণীয় যে, ৰাহুল গান্ধীয়ে বিৰোধী দলৰ নেতাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে সম্পূৰ্ণ ১০ বছৰৰ পিছত বিৰোধী দলপতি লাভ কৰিবলৈ সক্ষম হয় নিম্ন সদনে।
বিৰোধী দলপতি হিচাপে বুধবাৰে লোকসভাত প্ৰথমবাৰ ভাষণ প্ৰদান কৰে গান্ধীয়ে। তেওঁ ওম বিৰলাক পুনৰ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাই কয়, ''স্পষ্টভাৱে চৰকাৰৰ ৰাজনৈতিক ক্ষমতা আছে যদিও বিৰোধীয়েও ভাৰতবাসীৰ কণ্ঠক প্ৰতিনিধিত্ব কৰিছে। এইবাৰ বিৰোধীয়ে অধিক শক্তিশালী ৰূপত ভাৰতৰ জনসাধাৰণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰিছে।"
তেওঁ লগতে কয়, "বিৰোধীয়ে আপোনাক সদন চলোৱাত সহায় কৰিব। সহযোগিতা বিশ্বাসৰ ওপৰত হোৱাটো অতি প্ৰয়োজনীয়। সংসদত বিৰোধীৰ কণ্ঠ শুনাটো অতি গুৰুত্বপূৰ্ণ। বিৰোধীৰ কণ্ঠ এইবাৰ দমন কৰা নহ'ব বুলি আমাৰ সম্পূৰ্ণ আশা আছে। শাসকীয় পক্ষৰ দৰে বিৰোধী সাংসদ সকলো জনতাৰ দ্বাৰা নিৰ্বাচিত হৈ আহিছে। গতিকে সংসদৰ মজিয়াত বিৰোধীৰ কণ্ঠ দমন কৰা মানে তেওঁ প্ৰতিনিধিত্ব কৰা জনসাধাৰণৰো পক্ষ দমন কৰা। সাংবিধানিক অধিকাৰ ৰক্ষা কৰাটো অধ্যক্ষৰ দায়িত্ব।’’
বিজেপিক কোনেও হিন্দু সমাজৰ ঠিকা দি থোৱা নাই!
নতুন চৰকাৰ গঠনৰ পিছতে আৰম্ভ হোৱা সংসদৰ প্ৰথমখন অধিৱেশনত প্ৰথম দিনটোৰে পৰা পূৰ্বৰ তুলনাত অধিক আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে ৰাহুল গান্ধীক। সোমবাৰে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত লোকসভাৰ বিৰোধী দলপতি গান্ধীয়ে ভাষণ প্ৰদান কৰি পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়।
ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাদেৱ শিৱৰ ফটো প্ৰদৰ্শন কৰাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই বাধা প্ৰদান কৰে। ইয়াকে লৈ অধ্যক্ষৰ সৈতে বিৰোধী সাংসদসকলৰ মাজত কথাৰ কটাকটি হোৱা দেখা যায়। অধ্যক্ষই তেতিয়া সংসদীয় কাৰ্যপ্ৰণালীৰ নিয়মৰ দোহাই দি সংসদত কোনো প্লেকাৰ্ড বা ফটো প্ৰদৰ্শন কৰিব নোৱাৰি বুলি উল্লেখ কৰে।
অধ্যক্ষৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে, ''এই সদনত ভগৱান শিৱৰ ফটো প্ৰদৰ্শন কৰাতো নিষিদ্ধ নেকি? আমি ভগৱান শিৱৰ পৰা শক্তি লাভ কৰিছো আৰু এই কথা ছবিসহ বুজাই দিব বিচাৰিছো। পিছে সেয়া আপুনি কৰিবলৈ দিয়া নাই।’’ বিজেপিয়ে প্ৰতিনিয়ত হিংসা আৰু ঘৃণা বিয়পাই আহিছে বুলি অভিযোগ কৰি বিৰোধী দলপতিগৰাকীয়ে আৰু কয়, ''মহাদেৱ শিৱৰ বাণী হৈছে কাকো ভয় নকৰিবা আৰু কাকো ভয় নেদেখুওৱা। মহাদেৱ শিৱই হাতেৰে অভয় মুদ্ৰা দেখুৱাই আৰু ত্ৰিশূল মাটিত পুতি থয়।’’
ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাদেৱৰ ফটোখন দেখুৱাই কয়, ''মোদী ডাঙৰীয়াই এবাৰ নিজৰ ভাষণত কৈছিল যে হিন্দুস্তানে কেতিয়াও কাকো আক্ৰমণ কৰা নাই। ইয়াৰ কাৰণ আছে। হিন্দুস্তান হৈছে অহিংসাৰ দেশ, হিন্দুস্তানে কাকো ভয় নেদেখুৱায়।’’
তেওঁ আৰু কয়, ''আমাৰ মহাপুৰুষসকলেও বাণী শুনাই আহিছে যে কাকো ভয় নকৰিবা, কাকো ভয় নেদেখুওৱা। ভগৱান শিৱয়ো তাকেই কয়। ইয়াৰ বিপৰীতে যিসকল লোকে নিজকে হিন্দু বুলি দাবী কৰি আহিছে, সেইসকলে ২৪ ঘণ্টাই হিংসা আৰু ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি আহিছে, অসত্যৰ আশ্ৰয় লৈ আহিছে। সেইসকল লোক আচলতে হিন্দু হ’বই নোৱাৰে। হিন্দু ধৰ্মত স্পষ্টকৈ লিখা আছে যে সদায় সত্য পথত থাকিব লাগে।’’
ৰাহুল গান্ধীৰ এই আক্ৰমণাত্মক মন্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থিয় হৈ আপত্তি দেখুৱাই কয়, ''বিষয়টো অতিশয় গুৰুতৰ, সমগ্ৰ হিন্দু সমাজক হিংসা বিয়পোৱা বুলি কোৱাতো অতি গুৰুতৰ বিষয়।’’
লগে লগে ৰাহুল গান্ধীয়ে মোদীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে আৰু কয়, ''নহয়, নহয়, নহয়, মুঠেই নহয়। কোনো কাৰণতে হ’ব নোৱাৰে। নৰেন্দ্ৰ মোদী মানে সমগ্ৰ হিন্দু সমাজ নহয়। বিজেপি মানে সমগ্ৰ হিন্দু সমাজ নহয়। আৰএছএছ মানে সমগ্ৰ হিন্দু সমাজ নহয়। বিজেপিক কোনেও হিন্দু সমাজৰ ঠিকা দি থোৱা নাই।’’
অগ্নিবীৰক লৈয়ো সৰৱ গান্ধী
সদনত সোমবাৰৰ দিনটোত অগ্নিবীৰক লৈয়ো চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে বিৰোধী দলপতি ৰাহুল গান্ধী। তেওঁ কয়, ''শত্ৰুৰ সৈতে গুলীয়াগুলীত এগৰাকী অগ্নিবীৰ শ্বহীদ হ’লে মই সেইগৰাকী বীৰক শ্বহীদ বুলি কম। কিন্তু ভাৰত চৰকাৰ আৰু নৰেন্দ্ৰ মোদীয়ে শ্বহীদ বুলি নকয়। কয় অগ্নিবীৰ বুলি। অগ্নিবীৰে পেন্সন লাভ নকৰে, পৰ্যাপ্ত ক্ষতিপূৰণ নাপায় আৰু শ্বহীদৰ মৰ্যাদা দিয়া নহয়।’’
গান্ধীয়ে আৰু কয়, ''ভাৰতৰ এগৰাকী সাধাৰণ জোৱানে পেঞ্চন লাভ কৰে। কিন্তু এগৰাকী অগ্নিবীৰক জোৱান বুলি ক’ব পৰা নাযায়। অগ্নিবীৰক চৰকাৰে ইউজ এণ্ড থ্ৰ’ শ্ৰমিকত পৰিণত কৰিছে। অগ্নিবীৰক ৬ মাহৰ প্ৰশিক্ষণ দিয়েই ৫ বছৰীয়া প্ৰশিক্ষণ লাভ কৰা চীনা সেনাসকলৰ বিৰুদ্ধে থিয় কৰোৱা হয়।’’
চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয়, ''এগৰাকী জোৱান আৰু আন এগৰাকী জোৱানৰ মাজত এনেদৰে বিভেদ সৃষ্টি কৰা হৈছে। এগৰাকীয়ে পেঞ্চন পাব, শ্বহীদৰ মৰ্যাদা পাব। বিপৰীতে আনগৰাকীয়ে পেঞ্চনো নাপাব আৰু শ্বহীদৰ মৰ্যাদাও নাপাব। তাৰ পিছত বিজেপিয়ে নিজকে দেশভক্ত বুলি দাবী কৰিব। এয়া কেনেধৰণৰ দেশপ্ৰেম বাৰু?’’
ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে মোদীৰ অনুৰূপ ধৰণে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও থিয় হৈ স্পষ্টীকৰণ দিবলৈ চেষ্টা চলোৱা দেখা যায়। ৰাজনাথ সিঙে কয়, ''ভুল তথ্যৰে সদনক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলোৱা উচিত নহয়। মই স্পষ্ট কৰি দিব খোজো যে যদিহে যুদ্ধ অথবা সীমা সুৰক্ষাত নিয়োজিত হৈ থকাৰ সময়ত কোনো অগ্নিবীৰৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালবৰ্গক ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়।’’
ৰাজনাথ সিঙৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহেও থিয় হৈ প্ৰত্যুত্তৰ দি কয়, ''ৰাহুল গান্ধীয়ে কৈছে যে ১ কোটি টকা নাপায়। ৰাজনাথ সিঙে আনুষ্ঠানিকভাৱে কৈছে যে মৃত্যু হোৱা বা শ্বহীদ হোৱা অগ্নিবীৰৰ পৰিয়ালক ১ কোটি টকা দিয়া হয়। গতিকে তেওঁ নিজৰ মন্তব্যৰ ভিত্তি কি সেয়া সদনক জনাব লাগে। এই সদন মিছা কথা কোৱা ঠাই নহয়। ইয়াত সত্য কথা ক’ব লাগে আৰু নিজৰ মন্তব্য সঁচা বুলি প্ৰমাণিত কৰিব নোৱাৰিলে তেওঁ সদন, দেশ আৰু অগ্নিবীৰসকলৰ সমুখত ক্ষমা বিচাৰিব লাগে।’’
অমিত শ্বাহৰ মন্তব্যৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, ''অগ্নিবীৰৰ বাস্তৱ ছবিখন মই সদনৰ আগত দাঙি ধৰিছো আৰু সবিশেষ জনাইছো। ৰাজনাথ সিং ডাঙৰীয়ায়ো এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে। প্ৰকৃত সত্য কি সেয়া হিন্দুস্তানৰ সেনা আৰু অগ্নিবীৰসকলে ভালকৈয়ে জানে। মই ক’লে বা ৰাজনাথ সিঙে ক’লেই হোৱাতো নোহোৱা হৈ নাযায়। তেওঁলোকে ভালকৈয়ে জানে কোনে সঁচা কৈছে, কোনে মিছা কৈছে।’’
১০ বছৰৰ পাছত বিৰোধীৰ নেতা পালে সংসদে
বিগত দুটা নিৰ্বাচনত কংগ্ৰেছৰ সদস্যৰ সংখ্যা সংসদত ১০ শতাংশ অৰ্থাৎ ৫৪ জনো নাছিল। এনে পৰিস্থিতিত কংগ্ৰেছে সদনত বিৰোধীৰ নেতা বুলি দাবী উত্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল। ২০১৪ চনত কংগ্ৰেছৰ ওচৰত আছিল কেৱল ৪৪ খন আসন আৰু ২০১৯ চনত আসন আছিল মাত্ৰ ৫২ খন। কিন্তু এইবাৰ কংগ্ৰেছৰ বাবে কিছু পৰিমানে সুদিন ঘূৰি আহিছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত এইবাৰ ৯৯ খন আসন লাভ কৰি কংগ্ৰেছে এইবাৰ ৰক্ষা কৰিছে নিজৰ স্থিতি।
অন্যহাতে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে ৰাহুল গান্ধী বিৰোধীৰ নেতা হোৱাৰ আশা কৰা হৈছিল। ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ সময়তে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ২৪ আকবৰ ৰোডত দলৰ সমৰ্থকসকলে ক’বলৈ আৰম্ভ কৰিছিল- ‘এইবাৰ ৰাহুল গান্ধী সংসদত সমগ্ৰ বিৰোধীৰ কণ্ঠস্বৰ হ’ব।’
লক্ষণীয় যে, প্ৰথমবাৰৰ বাবে সংসদত সাংবিধানিক পদ গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে। মাতৃ ছোনিয়া গান্ধীও লোকসভাত তেওঁৰ লগত নাথাকিব। ছোনিয়া গান্ধী ৰাজ্যসভাৰ সাংসদ হোৱাৰ লগতে ৰাহুল গান্ধী ৰায়ে বৰেলীৰ আসনৰ পৰা নিৰ্বাচিত হৈছে।
ইফালে এইবাৰ লোকসভাত প্ৰিয়ংকা গান্ধীয়ে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়ানাডৰ পৰাও নিৰ্বাচনত জয়লাভ কৰিছিল যদিও পিছত তেওঁ ৰায়ে বৰেলীৰ সাংসদ হৈ থাকিবলৈ বাছি লয়। এনে পৰিপ্ৰেক্ষিতত খালী হোৱা ৱায়ানাডত ভাতৃৰ ঠাই পূৰণ কৰি প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি বাতৰি প্ৰকাশ পাইছে।
মন কৰিবলগীয়া যে, ২০১৯ চনত লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হোৱাৰ সময়ত ৰাহুল গান্ধীয়ে পৰাজয়ৰ দায়িত্ব লৈ কংগ্ৰেছৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছত কিছু বছৰ ছোনিয়া গান্ধী অন্তৱৰ্তীকালীন অধ্যক্ষা হিচাপে দলৰ দায়িত্ব বহন কৰে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, এই সময়ছোৱাত বহু বাৰ ৰাহুল গান্ধীক কংগ্ৰেছৰ অধ্যক্ষ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হয় যদিও তেওঁ দলৰ কোনো পদ গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পিছত ২০২২ চনত দলৰ ভিতৰত হাই ভল্টেজ নাটকৰ অন্তত মল্লিকাৰ্জুন খাৰ্গে দলৰ অধ্যক্ষ হয়।
দলীয় দায়িত্ব গ্ৰহণ কৰিবলৈ নিবিচৰাৰ বাবে শাসকীয় পক্ষৰ পৰা অনেক কটাক্ষৰো সন্মুখীন হৈছিল ৰাহুল গান্ধী। বিজেপিৰ বৰ বৰ নেতাই সততে তেওঁক 'পাৰ্ট টাইমাৰ পলিটীচিয়ান’ বুলিও ইতিংকি কৰি আহিছিল। কিন্তু পাঁচ বছৰ ধৰি দলৰ দায়িত্ব গ্ৰহণ নকৰা বিষয়ত অটল হৈ থকাৰ পিছত এতিয়া প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীয়ে এটা গুৰুত্বপূৰ্ণ পদ ল’বলৈ সাজু হোৱাটোৱে ৰাহুল গান্ধীৰ পৰিপক্ক ৰাজনীতিৰ প্ৰতিফলন ঘটাইছে বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে।
কংগ্ৰেছৰ ৰাজনীতি সম্পৰ্কে সংবাদ পৰিবেশন কৰি অহা জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক ৰছিদ কিড়ৱাইয়ে এই সন্দৰ্ভত কয় যে বিৰোধী নেতা পদৰ জৰিয়তে ৰাহুল গান্ধীৰ দায়িত্ব লোৱাৰ ভাৱমূৰ্তি উজ্জ্বল হৈ উঠিব। তেওঁ কয়, “বিৰোধীৰ নেতা হৈছে ছাঁয়া প্ৰধানমন্ত্ৰী। তেওঁ কেৱল সমগ্ৰ বিৰোধী দলৰ নেতৃত্ব দিয়াই নহয়, বহু গুৰুত্বপূৰ্ণ নিযুক্তিতো প্ৰধানমন্ত্ৰীৰ সৈতে সমানে বহাৰ সুযোগ লাভ কৰে। যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ আমি প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ মাজত দেখিছো, তাত কোনো সন্দেহ নাই যে দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে চোকা বক্তব্য দিয়ে। এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ বাবে প্ৰধানমন্ত্ৰীৰ লগত বহি সিদ্ধান্ত লোৱা আৰু কৰ্ম সম্পৰ্ক স্থাপন কৰাটো প্ৰত্যাহ্বান হ’ব, কিন্তু যদি তেওঁ এজন পৰিপক্ক নেতা হিচাপে নিজকে আৰু অধিক শক্তিশালী কৰিব বিচাৰে তেন্তে তেওঁ এই কামটো কৰিব লাগিব।’’
বিৰোধীৰ নেতা হিচাপে কি দায়িত্ব হ’ব ৰাহুল গান্ধীৰ?
সংসদত বিৰোধী দলৰ নেতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কেৱল সংসদৰ সকলো বিৰোধী দলৰ কণ্ঠস্বৰ হোৱাই নহয়, বিৰোধী দলপতিৰ ওচৰত নিজস্ব ক্ষমতা আৰু বিশেষাধিকাৰো আছে। বিৰোধীৰ নেতাগৰাকী ৰাজহুৱা একাউণ্ট, ৰাজহুৱা উদ্যোগ আৰু আকলন সমিতিৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ সমিতিৰো অংশ হয়।
ইয়াৰোপৰি যৌথ সংসদীয় সমিতি আৰু বাছনি সমিতিত বিৰোধী দলপতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এই বাছনি সমিতিসমূহে ইডি, চি বি আই, কেন্দ্ৰীয় সতৰ্কতা আয়োগ, কেন্দ্ৰীয় তথ্য আয়োগ, লোকপাল, লগতে নিৰ্বাচন আয়ুক্ত আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়ে।
বিৰোধী দলপতিৰ পদটো হৈছে কেবিনেট পৰ্যায়ৰ পদ, যাৰ নিজস্ব সুবিধা আছে। যিয়েই এই পদত অধিষ্ঠিত হয়, তেওঁক ১৯৫৪ চনৰ সংসদ সদস্যৰ দৰমহা, ভাট্টা আৰু পেঞ্চন আইনৰ ৩ নং ধাৰাত উল্লেখ কৰা অনুসৰি দৰমহা, সা-সুবিধা আৰু দৈনিক ভাট্টা দিয়া হয়।
বাৰে বাৰে অস্বীকাৰ কৰিও অৱশেষত গুৰুত্বপূৰ্ণ দায়িত্বত ৰাহুল...
২০০৪ চনতেই প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁ ২০০৪ চনত উত্তৰ প্ৰদেশৰ আমেথি লোকসভা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। ইয়াৰ পূৰ্বে আমেথি লোকসভা আসনৰ পৰা অৱতীৰ্ণ হৈ আহিছিল তেওঁৰ পিতৃ প্ৰয়াত ৰাজীৱ গান্ধী। ৰাহুল গান্ধী প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী হৈছিল মনমোহন সিং আৰু বিৰোধী দলপতি আছিল লালকৃষ্ণ আদৱানী।
ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰত ১০ বছৰ লোকসভাৰ সাংসদ হিচাপে কাম কৰি যোৱা ১০ বছৰ ধৰি বিৰোধী দলৰ সাংসদ হিচাপে কাম কৰি আহিছে। খবৰ অনুসৰি, ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত ৰাহুল গান্ধীক মন্ত্ৰিত্ব প্ৰদান কৰিব বিচৰা হৈছিল যদিও সেই সময়তো তেওঁ মন্ত্ৰী হ’বলৈ অস্বীকাৰ কৰিছিল, আনহাতে বিৰোধীৰ থকাৰ সময়ত কংগ্ৰেছৰ ওচৰত বিৰোধী দলৰ নেতা দাবী কৰাৰ বাবে নাছিল পৰ্যাপ্ত আসন।
২০১৪ চনৰ পৰৱৰ্তী পৰ্যায়ত যেন এক ভয়াবহ দুৰ্যোগৰ মাজেৰে গতি কৰিছে কংগ্ৰেছে। দলৰ এই কঠিন পৰিস্থিতি কিছু সহজ কৰাৰ উদ্দেশ্যেৰেই ২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল ৰাহুল গান্ধীয়ে। ইয়াৰ পিছত তেওঁ 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ নামেৰে মণিপুৰৰ পৰা মুম্বাইলৈ কৰে আন এক যাত্ৰা। দলৰ প্ৰত্যাৱৰ্তনৰ বাবে ৰাহুল গান্ধীৰ এই প্ৰচেষ্টা আৰু শাসকীয় বিজেপিৰ প্ৰতি জনতাৰ গোপন আক্ৰোশৰ পৰিণামস্বৰূপে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসন ৯৯ খনলৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰি আহিছে বিশ্লেষকসকলে।
প্ৰণিধানযোগ্য যে, ভাৰতীয় নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশৰ পৰাই ৰাহুল গান্ধীৰ ভাৱমূৰ্তিক লৈ সৰৱ আলোচনা চলি আহিছে। ৰাজনীতি তেওঁ বাধ্যত পৰি কৰিবলগীয়া হোৱা এজন অনিচ্ছুক নেতা হিচাপে ৰাহুল গান্ধীক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই অহা দেখা গৈছিল। কিন্তু সময়ৰ লগে লগে পৰিপক্ক হৈ উঠা ৰাহুল গান্ধীয়ে এতিয়া নিজকে যেন অন্য এক ভাৱমূৰ্তিৰে প্ৰতিষ্ঠা কৰিছে।
ৰাহুল গান্ধীৰ বাবে ক্ষমতা কি?
প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱাৰ সিঙে তেওঁৰ আত্মজীৱনী ‘ওৱান লাইফ ইজ নট এনাফ’ত দাবী কৰিছিল যে ২০০৪ চনত ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী হোৱাৰ পৰা ৰাহুল গান্ধীয়েই বাধা দিছিল। নটৱাৰ সিঙৰ মতে, ৰাহুল গান্ধীয়ে ভয় খাইছিল যে আইতাক ইন্দিৰা গান্ধী আৰু পিতৃ ৰাজীৱ গান্ধীৰ দৰে তেওঁৰ মাতৃকো হত্যা কৰা হ’ব পাৰে।
২০১৩ চনৰ জানুৱাৰী মাহত উদয়পুৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত ৰাহুল গান্ধীক কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি দিয়া হয়। উপ-সভাপতি হোৱাৰ পিছত ৰাহুল গান্ধীয়ে এ আই চি চিৰ বৈঠকত ভাষণ দি কৈছিল, “যোৱা নিশা আপোনালোক সকলোৱে মোক অভিনন্দন জনাইছে। কিন্তু মা মোৰ কোঠালৈ আহি মোৰ কাষত বহি কান্দিবলৈ ধৰিলে। তেওঁৰ মতে মানুহে যি শক্তি লাভ কৰিবলৈ হতাশ হৈ পৰিছে, সেয়া আচলতে বিষ।”
ৰাহুল গান্ধীয়ে কৈছিল, “মোৰ আইতাক বন্ধু বুলি গণ্য কৰি একেলগে বেডমিণ্টন খেলা নিজৰ নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল। মানুহৰ জীৱনত আশাৰ সঞ্চাৰ কৰা দেউতাৰ ক্ষেত্ৰতো একেই কথা। আমি ক্ষমতাৰ পিছত দৌৰিব নালাগে বৰঞ্চ জনসাধাৰণৰ মাজত ক্ষমতা দখল কৰিব লাগিব।’’
বয়সৰ হিচাপে ৫৫ বছৰ পাৰ কৰিছে ৰাহুল গান্ধীয়ে। ৪-৫ বছৰ পূৰ্বে যিগৰাকী ৰাহুল গান্ধীক ৰাজনীতিৰ পথাৰত অপৰিপক্ক বুলি বিজেপি আৰু সহযোগী দলে ইতিকিং কৰি তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ কোটি কোটি টকাৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল, তেওঁ এতিয়া নিজকে দক্ষ ৰাজনীতিবিদ বুলি নিজকে প্ৰতিষ্ঠা কৰিছে। ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ এবাৰ কৈছিল, ''মই ৰাহুল গান্ধীক এতিয়া বহু পিছ পেলাই থৈ আহিছো। এতিয়া মই সেইজন ৰাহুল গান্ধী নহওঁ।’’
ৰাহুল গান্ধীৰ ওপৰত এতিয়া এটা গুৰু দায়িত্ব। সদনৰ মজিয়াত বিৰোধী আৰু জনতাক প্ৰতিনিধিত্ব কৰাৰ এক কঠিন দায়িত্ব পালন কৰিব লাগিব ৰাহুল গান্ধীয়ে। বিগত ১০ বছৰত মোদী চৰকাৰৰ নীতি আৰু সদনৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৱদ্ধ কৰি অহা ৰাজনৈতিক বিশ্লেষকসকলে সেয়ে এতিয়া মত দিছে, ''ৰাহুল গান্ধীৰ বাবে এই যাত্ৰা সহজ নহ’ব। যদিও বিগত ১০ বছৰৰ তুলনাত এইবাৰ ৰাজনৈতিক পটৰ কিছু পৰিৱৰ্তন ঘটিছে, তথাপিও যিখন চৰকাৰৰ শাসনকালত ১৪৬ গৰাকী বিৰোধী সাংসদক একেলগে সদনৰ পৰা বহিষ্কাৰ কৰা হয়, সেইখন সদনত বিৰোধীৰ কণ্ঠ হোৱাটো এতিয়াও প্ৰত্যাহ্বানজনকেই হ’ব।''
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, হাতত সংবিধানৰ প্ৰতিলিপি লৈ শপত লোৱা ৰাহুল গান্ধীৰ বাবে এতিয়া সংবিধান ৰক্ষাৰ যুঁজখনো কঠিন হ’ব।