internet
Image Source: internet

newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে বুধবাৰে নিজৰ শৰীৰ চৰ্চাৰ এটা ভিডিঅ’ টুইট কৰি কেপ্টেইন কুল খ্যাত মহেন্দ্ৰ সিং ধোনী, বিৰাট পত্নী তথা অভিনেত্ৰী অনুস্কা শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিজৰ শৰীৰ চৰ্চাৰ ভিডিঅ’ টুইট কৰিবলৈ ‘ফিটনেছ চেলেঞ্জ’ দিছিল৷

কোহলীৰ চেলেঞ্জৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও চেলেঞ্জ গ্ৰহণ কৰি এটা টুইট কৰে৷ তেওঁ লিখে, ‘বিৰাট, তোমাৰ চেলেঞ্জ মই গ্ৰহণ কৰিছো৷ শীঘ্ৰেই নিজৰ ফিটনেছ ভিডিঅ’ শ্বেয়াৰ কৰিম৷’

কিন্তু নৰেন্দ্ৰ মোডীৰ সুস্থ ভাৰতৰ প্ৰচাৰৰ বাবে গ্ৰহণ কৰা ফিটনেছ চেলেঞ্জৰ কটাক্ষ কৰিবলৈ সময় নল’লে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ মোডীক ফিটনেছ চেলেঞ্জৰ ল’ৰা ধেমালি এৰি দেশৰ সমস্যা সমূহত গুৰুত্ব দিবলৈ কয় ৰাহুল গান্ধীয়ে৷ মোডীক কটাক্ষ কৰি ৰাহুলেও এটা চেলেঞ্জ দি টুইটত লিখে, ‘প্ৰিয় প্ৰধানমন্ত্ৰী, আপুনি বিৰাট কোহলীৰ ফিটনেছ চেলেঞ্জ গ্ৰহণ কৰাত খুৱেই সুখী হৈছো৷ আমাৰ তৰফৰ পৰাও আপোনালৈও এটা চেলেঞ্জ আগবঢ়াব বিছাৰিছো৷ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, অথৱা সমগ্ৰ দেশৰ বিক্ষোভে আপোনাক সেয়া কৰিবলৈ বাধ্য কৰাব৷’’

উল্লেখ্য যে, বৃহস্পতিবাৰে দেশত পুনৰ পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি ঘটে৷ পেট্ৰলত ৩০ পইচা আৰু ডিজেলত ২০ পইচা মূল্য বৃদ্ধিৰে সমগ্ৰ দেশত পেট্ৰল মূল্যই ৯০ৰ ঘৰৰ ওচৰ চপা পৰিলক্ষিত হৈছে৷ অহা ২৬ মে’ত মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে বিক্ষোভ প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে৷ 

অন্যফালে কেৱল ৰাহুল গান্ধীয়েই নহয়, প্ৰধানমন্ত্ৰীয়ে ফিটনেছ চেলেঞ্জ গ্ৰহণ কৰাৰ পিছতে বিৰোধী নেতা সকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চেলেঞ্জ আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ লালুপ্ৰসাদৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে প্ৰধানমন্ত্ৰীক চেলেঞ্জ দি টুইট কৰে৷ তেওঁ লিখে, ‘‘আমি বিৰাট কোহলীৰ ফিটনেছ চেলেঞ্জ গ্ৰহণৰ বিৰোধিতা কৰা নাই৷ কিন্তু আমি বিচাৰো প্ৰধানমন্ত্ৰীয়ে নিবনুৱা সংস্থাপন, কৃষকৰ ঋণ ৰেহাই আৰু দলিত আৰু নিম্ন বৰ্গৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ চেলেঞ্জ গ্ৰহণ কৰক৷’’

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতা লাভ কৰাৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে দেশৰ বাহিৰত থকা ক’লা ধন সমূহ উভটাই আনি দেশৰ প্ৰত্যেক সাধাৰণ পৰিয়ালৰ একাউন্টত লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ সেই প্ৰতিশ্ৰুতি পূৰণৰ চেলেঞ্জ দিয়ে সাংসদ তথা জনতা দলৰ নেতা শৰদ পাৱাৰে৷ 

মন কৰিবলগীয়া যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিৰোধী দলৰ যে তীব্ৰ সমালোচনাৰ বান বৰ্ষণ হ’ব, সেয়া কৰ্ণাটকৰ নিৰ্বাচনত ঐক্যবদ্ধ বিৰোধীৰ স্থিতিয়ে প্ৰমাণ কৰিছে বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে৷