ডিজিটেল ডেস্কঃ কোনো হিন্দী চিনেমাৰ দৃশ্য নহয়। সেয়া আছিল বাস্তৱ। চালক নহোৱাকৈয়ে যাত্ৰা আৰম্ভ কৰিলে ট্রেনৰ এটি ইঞ্জিনে। বাইকত উঠি পিছ লৈহে ইঞ্জিন ৰখাবলৈ সক্ষম হ’ল ৰেলৰ চালকজনে৷ ক দুই কিলোমিটাৰ নহয় ৰেল লাইনৰ ওপৰেৰে ১৩ কিলোমিটাৰ বাইক চলাই শেষত চালক নহোৱাকৈ চলি থকা ইঞ্জিনটোক ৰখাবলৈ সক্ষম হয়৷
বুধবাৰে বিয়লি প্ৰায় ৩মান বজাত মহাৰাষ্ট্রৰ ৱাদি জংচন ষ্টেছনত প্ৰৱেশ কৰে চেন্নাই পৰা অহা মুম্বাইগামী ট্রেইনখন। তাতেই ইঞ্জিন সলনি কৰা হয় ট্রেইন খনৰ। বাকি পথচোৱা বিদ্যুত্ সংযোগ নথকাত ইলেকট্রিক ইঞ্জিন সলাই ট্রেইনখনৰ লগত সংযোগ কৰে ডিজেল ইঞ্জিন।
সেই সময়তেই ঘটে অঘটন। কোনো কোনেৱে ভাবে চালক নহোৱাকৈৱে চলোৱা হৈছে ইলেকট্রিক ইঞ্জিনটো। কিন্তু পিছতহে চালক বিহীন ইঞ্জিনৰ কথা ওলাই পৰাত হৈ চৈ লাগে ৰেলকৰ্মী সকলৰ মাজত৷ আশে পাশে থকা সকলো ষ্টেছনকে সতর্ক কৰি দিয়া হয়। দুর্ঘটনা সংঘটিত হোৱাৰ ভয়ত এলাৰ্ট জাৰি কৰি ৰেলকৰ্মীয়ে৷
পিছত এজন ৰেলকৰ্মচাৰীয়ে অন্য এজন কর্মীৰ বাইক লৈ পিছা কৰে ইঞ্জিনটোক। ১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত অবশেষত ইঞ্জিনৰ ওচৰ পায় কৰ্মীজন৷ চলি থকা ইঞ্জিনটোৰ দৰ্জাত ধৰি ওলমি কিবাকৈ ভিতৰ সোমাই নিয়ন্ত্ৰনলৈ আনে ইঞ্জিনটো৷