ডিজিটেল ডেস্কঃ সাইলাখ কোনো হিন্দী চিনেমাৰ শ্বট৷ চালক নহোৱাকৈয়ে হঠাত্ চলি পৰিল ট্রেনৰ ইঞ্জিন। বাইকৰ সহায়ত পিছ লৈহে ইঞ্জিন ৰখাবলৈ সক্ষম হ’ল ৰেল চালক৷ এক দুই কিলোমিটাৰ নহয় ৰেল লাইনৰ ওপৰেৰে ১৩ কিলোমিটাৰ বাইক চলাই শেষত চালক নহোৱাকৈ চলি থকা ইঞ্জিনটোক ৰখাবলৈ সক্ষম হয়৷
বুধবাৰে বিয়লি ৩মান বজাত মহাৰাষ্ট্রৰ ৱাদি জংচন ষ্টেচনত প্ৰৱেশ কৰে চেন্নাই পৰা অহা মুম্বইগামী ট্রেইনখনে। তাতেই ইঞ্জিন বদিল কৰা হয় ট্রেইন খনৰ। বাকি পথচোৱা বিদ্যুত্ সংযোগ নথকাত ইলেকট্রিক ইঞ্জিন সলাই ট্রেইনখনৰ লগত সংযোগ কৰে ডিজেল ইঞ্জিন। সেই সময়তেই ঘটে বিভ্রাট। কোনোৱে ভাবে চালক নহোৱাকৈৱে চলে চলোৱা হয় ইলেকট্রিক ইঞ্জিনটো। কিন্তু পিছতহে চালক বিহীন ইঞ্জিনৰ কথা ওলাই পৰাত হৈ চৈ লাগি যায় ৰেলকৰ্মী সকলৰ মাজত৷ আশেপাশে থকা সকলো ষ্টেচনকে সতর্ক কৰি দিয়া হয়। দুর্ঘটনা সংঘটিত হোৱাৰ ভয়ত সকলোতে এলাৰ্ট জাৰি কৰিদিয়ে ৰেলকৰ্মীয়ে৷
পিছত এজন ৰেলকৰ্মচাৰীয়ে অন্য এজন কর্মীৰ বাইক লৈ পিছ কৰি ইঞ্জিনটোক। ১৩ কিলোমিটাৰ গৈহে অবশেষত ইঞ্জিনৰ ওচৰ পায় কৰ্মীজন৷ চলি থকা ইঞ্জিনটোৰ দৰ্জাত ধৰি ওলমি কিবাকৈ ভিতৰ সোমাই নিয়ন্ত্ৰনলৈ আনে ইঞ্জিনটো৷