newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ গণধৰ্ষণ কাণ্ডই কঁপাই তুলিছে সমগ্ৰ দেশ৷ চৰকাৰে ধৰ্ষণ কাণ্ড প্ৰতিৰোধ কৰাৰ বাবে নতুন আইন শৃংখলাৰ সৃষ্টি কৰিছে যদিও দিনক দিনে বৃদ্ধিহে পাইছে ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ৷ 

পুনৰ গণ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে উত্তৰ প্ৰদেশত৷ এই ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল পহিলা মে’ত৷ বজাৰৰ পৰা গৃহাভিমুখে আহি থকা এগৰাকী যুৱতীক ৪ যুৱকে চলন্ত গাড়ীৰ ভিতৰতে গণ ধৰ্ষণ সংঘটিত কৰে৷ 

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ পিলুৱা জিলাৰ ইটাত সংঘটিত হয় এই ঘটনা৷ সন্ধিয়া বজাৰৰ পৰা ওলাই ঘৰলৈ বুলি বাছৰ অপেক্ষা কৰি আছিল এগৰাকী যুৱতীয়ে৷ তেনে সময়তে এখন গাড়ী যুৱতীগৰাকীৰ সন্মুখত ৰয়৷ গাড়ীখনৰ ভিতৰত ৪ জন যুৱক আছিল৷ তাৰ ভিতৰত ২ জন যুৱক যুৱতীগৰাকীৰ সম্পৰ্কীয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ 

বহু সময় ধৰি বাছলৈ অপেক্ষা কৰা যুৱতীগৰাকীৰ সম্পৰ্কীয় যুৱক দুজনে ঘৰত থৈ আহিব বুলি কোৱাত যুৱতীগৰাকীয়ে গাড়ীত বহে৷ কিন্তু মনত আন মতলব পুহি ৰখা যুৱক কেইজনে যুৱতীগৰাকী গাড়ীত বহাৰ পিছতে গণ ধৰ্ষণ চলাই পিছত যুৱতীগৰাকীৰ ঘৰৰ কাষত নমাই থৈ যায়৷ যুৱতীগৰাকীয়ে এই ঘটনাৰ বিষয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰিব বিচৰাত পাষণ্ড যুৱক কেইজনে যুৱতীগৰাকীক মাৰধৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে৷

কিন্তু এই ঘটনাৰ ২০ দিন অতিক্ৰম কৰাৰ পিছত নিৰ্যাতিতাই সাহস কৰি যুৱককেইজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই ধৃত যুৱককেইজনক আটকৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ 

উল্লেখ্য যে, এই ঘটনাৰ প্ৰায় এমাহ পূৰ্বেও ইটা অঞ্চলৰ এখন বিয়াত এগৰাকী ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল৷ উত্তৰ প্ৰদেশত ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাত ৰাজ্যখনৰ প্ৰশাসনিক নিস্কৰ্মতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যবাসীয়ে৷