প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ U-17 বিশ্বকাপ ফুটবলৰ কেইবা খনো মেচ অসমৰ ভূমিত অনুষ্ঠিত কৰি বাঃ বাঃ লবলৈ সক্ষম হোৱা অসমত দেওবাৰে ৫ বজাৰ অনুষ্ঠিত হ’ব বিশ্ব মহিলা যুৱ বক্সিং প্ৰতিযোগিতা৷ অসমৰ ভূমিত অনুষ্ঠিত হ’ব বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতা৷ ফুটবল-ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় বহু মেচ অনুষ্ঠিত কৰা অসম বিশ্বৰ ক্ৰীড়া জগতত এতিয়া পৰিচিত নাম৷ আইএছএল, আইপিএল, ৰাষ্ট্ৰীয় ক্ৰীড়া, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট-ফুটবল মেচ, চাউথ এছিয়ান গেমছ আদি অনুষ্ঠিত কৰি অসম তথা গুৱাহাটী এতিয়া জিলিকি উঠিছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰ খনত৷ এইবাৰ বিশ্বৰ জনপ্ৰিয় খেলসমূহৰ মাজৰ অন্যতম বক্সিং খেলৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব।

দেওবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব য়ুথ মহিলা বক্সিং প্ৰতিযোগিতা৷ ঘৰুৱা দেশ ভাৰতৰ লগতে মুঠ ৩৮ দেশে অংশ গ্ৰহণ কৰিব এই প্ৰতিযোগিতাত৷ অসমৰ গাঁও অঞ্চলৰ জনপ্ৰিয় খেল বক্সিঙক লৈ এতিয়া ব্যাপক চৰ্চা৷ বিশ্বৰ কেবাখনো দেশৰ তাৰকা খেলুৱৈয়ে বক্সিঙৰ যাদু দেখুৱাব গুৱাহাটীত৷ ৰাজ্যৰ বক্সিং অনুৰাগীয়ে বক্সিঙৰ যাদু চাবলৈ সাজু হৈছে৷ একপ্ৰকাৰ কবলৈ গলে মহানগৰীৰ চৌদিশে এতিয়া বক্সিঙৰ বেনাৰ-পোষ্টাৰেৰে উখল-মাখল পৰিবেশ৷

বক্সিং খেলৰ উন্মাদনাত ডুব যাবলৈ সাজু মহানগৰীবাসী। অসম তথা উত্তৰ-পূবৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী মহানগৰী হৈ পৰিছে দেশৰ ক্ৰীড়া জগত খনৰ অন্যতম প্ৰাণ কেন্দ্ৰ স্বৰূপ। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীক দেশৰ ক্ৰীড়া জগতৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কথা বাৰে বাৰে কৈ আহিছে৷ তেওৰ এই সপোন যেন বাস্তৱ হোৱাৰ দিশে৷ গুৱাহাটী মহানগৰীক দেশৰ ক্ৰীড়া জগতৰ কেন্দ্ৰ কৰাৰ যি সপোন দেখিছে তাৰেই ফলশ্ৰুতিত গুৱাহাটীত এখনৰ পিচত এখনকৈ বিশ্বমানৰ খেল অনুষ্ঠিত হৈ আহিছে। দেওবাৰৰ পৰা গুৱাহাটীত বিশ্ব মহিলা যুৱ বক্সিং খেল অনুষ্ঠিত হ’ব।

বিশ্বৰ ৩৮ খন দেশৰ ১৮৬গৰাকী প্ৰতিযোগীয়ে গুৱাহাটী মহানগৰী ইতিমধ্যে উপস্থিত হৈছে। ভাৰতীয় দলটোৱে ঘৰুৱা পৰিবেশত ২০১১ চনৰ পিচত প্ৰথম বাৰৰ বাবে স্বৰ্ণ পদক জিনিবৰ বাবে ব্যকুল হৈ পৰা লগতে বিশ্ব বিভিন্ন দেশৰ খেলুৱৈই সকলে অসমৰ মাটিত সোনৰ পদক জিকাৰ সপোন পুহি ৰাখিছে৷ সেই সপোন লৈয়ে সোমবাৰৰ পৰা ৰিঙত নামিব তেওলোকে৷ দেশৰ হৈ অন্তিমবাৰ ২০১১ চনত সৰযুবালা দেৱীয়ে তুৰস্কত অনুষ্ঠিত হোৱা খেলত জয়ী হৈ দেশলৈ আনিছিল স্বৰ্ণ পদক৷

এইবাৰো সৰযুবালাৰ লগতে দেসৰ কেইবাগাৰকী খেলুৱৈই স্বৰ্ণৰ বাবে আশাবাদী৷ আনহাতে অসমৰ খেলুৱৈ অংশুমিতা বড়ো যথেষ্ট উন্নত পৰ্যায়ত খেল প্ৰদৰ্শন কৰাৰ চিন্তা ব্যক্ত কৰিছে অসমৰ ক্ৰীড়া জগতৰ খবৰ ৰখা লোকসকলে৷ বিশ্ব মহিলা যুৱ বক্সিং প্ৰতিযোগিতাত ভাৰতে কেইবাটাও পদক জিকাৰ আশা পুহি ৰাখিছে৷ প্ৰতিযোগিতাত ৰাছিয়া, চীন, আমেৰিকা, কাজাগাস্থান, ইংলেণ্ডৰ আদি দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব৷

দেওবাৰে বিয়লি ৫বজাত ভেটাপাৰাৰ হকী ষ্টেডিয়ামত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব এই প্ৰতিযোগিতা৷ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা৷ মুম্বাইৰ জনপ্ৰিয় শিল্পী ছানে সংগীত পৰিবেশন কৰিব অনুষ্ঠানত৷ আনহাতে ৰাজ্যৰ বিভিন্ন স্থানীয় শিল্পীয়ে নৃত্য-গীত পৰিবেশন কৰিব৷ ২৬ নৱেম্বৰলৈ চলিব এই প্ৰতিযোগিতা৷