ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাঙত বিজেপি সদস্য বুলি নিজকে চিনাকি দি প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ দিম বুলি ধন সংগ্ৰহত নামিছে এজন ধুৰন্ধৰ যুৱক।

যোৱা ২৩ জুনত ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বলিদান দিৱসৰ লগত সংগতি ৰাখি বিজেপিত নতুন সদস্য ভৰ্তি কাৰ্যসূচীও ৰূপায়ন কৰিছিল বিজেপি যুৱ মৰ্চাই। উক্ত কাৰ্যসূচীত উপযাচি আহি এক অচিনাক্ত যুৱকে যোগদান কৰে।

প্ৰাপ্ত তথ্য অনুসৰি বিজেপিত যোগদান কৰাৰ এসপ্তাহ আগৰ পৰাই এই যুৱক জনে বিভিন্ন কু-পন্থা অৱলম্বন কৰি অনাময় শৌচাগাৰ প্ৰদান কৰা, চাইকেল প্ৰদান কৰা, প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান কৰা আদি বিভিন্ন প্ৰলোভন দি বিভিন্ন গাঁৱৰ দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ বাতৰি লাভ কৰা পাছতেই মাজবাট মণ্ডল যুৱ মৰ্চাই ঘটনাৰ তদন্ত কৰি যুৱকজনক চিনাক্ত কৰে।

চিনাক্ত হোৱা যুৱকজনক দিলৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। এই যুৱকজনে বিজেপিৰ নামত এখন ভুৱা প্ৰ-পত্ৰ বনাই ৰাইজক ঠগি ১০০০ ৰ পৰা ৩০০০ টকালৈ সংগ্ৰহ কৰি আহিছে বুলি ৰাইজে জানিবলৈ দিছে। এক প্ৰেছ বিবৃতিত মাজবাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি কিশোৰ শৰ্মাই এনে দুষ্ট স্বভাৱৰ লোকে বিজেপিৰ ভাৱমূৰ্তি জনসাধাৰণৰ মাজত ম্লান কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে।

অশেষ কষ্টৰে মাজবাট সমষ্টিত বিজেপিৰ ভেটি মজবুত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত এনে ধৰণৰ কাৰ্যৰে বিজেপিক কলুষিত কৰবলৈ চেষ্টা কৰা লোকক বিৰূদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও শৰ্মাই স্পষ্ট কৰি দিয়ে। এয়া কোনো ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলিও তেওঁ সন্দেহ ব্যক্ত কৰে।