প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বত্ৰে ধৰ্ষণ এক মহামাৰিৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে৷ ৬ মহীয়া শিশুৰ পৰা ৯০ বছৰীয়া বৃদ্ধালৈ নাৰী মানেই যেন ক্ষুধাৰ সামগ্ৰী হৈ পৰিছে৷ এচাম অমানুহৰ পাষবিক কাণ্ডৰ বাবেই নাৰী পুৰুষৰ সমাধিকাৰৰ দাবীদাৰ হৈও নিজৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে৷ 

কিছুদিন পূৰ্বে এটা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে ভাৰতৰ ৭৬ শতাংশ মহিলাই পুৰুষৰ লালসাৰ চিকাৰ হোৱাৰ ভয়ত কৰ্ম জীৱন ত্যাগ কৰি বন্দী জীৱন কটাবলৈ বাধ্য হৈছে৷ কৰ্মস্থলী, ৰাস্তা-ঘাট, যান-বাহন অথৱা ঘৰৰ ভিতৰতো সকলোতে নাৰী এচাম লুভীয়া পুৰষৰ হাতত নিৰ্যাতিত হৈ আহিছে৷ 

নাৰী সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি আইন প্ৰনয়ণ কৰি ধৰ্ষণ প্ৰতিৰোধৰ চেষ্টা কৰিছে৷ কিন্তু ধৰ্ষণ ঘৰৰ বাহিৰত প্ৰতিৰোধ কৰিব পাৰিলেও পৰিয়ালৰ ভিতৰত ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ অক্ষম চৰকাৰো৷ আনহাতে পৰিয়ালৰ মাজত সংঘটিত হৈ যোৱা বহু ধৰ্ষণ কাণ্ড সমাজৰ সন্মুখলৈ নহাকৈয়ে ৰৈ যায়৷

গোৱাত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ ৯২ শতাংশ ধৰ্ষণেই ধৰ্ষিতাৰ পৰিচিত লোকে সংঘটিত কৰে, এই বিস্ফোকৰ তথ্য ফাদিল কৰিছে গোৱা আৰক্ষীয়ে৷

অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক কাৰ্তিক কাশ্যপে গোৱাৰ ধৰ্ষণ কাণ্ড সন্দৰ্ভত মন্তব্য কৰি কয়, ‘গোৱাত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডসমূহৰ তদন্তৰ পিছত দেখিবলৈ পোৱা গৈছে যে ৯২ শতাংশ ধৰ্ষণকাৰীয়ে ধৰ্ষিতাৰ চিনাকি, আত্মীয় অথৱা বন্ধু৷ মাত্ৰ ৮ শংতাশ ধৰ্ষণ কাণ্ড হে কোনো অপৰিচিত লোকে সংঘটিত কৰে৷

আৰক্ষী অদীক্ষক কাৰ্তিক কাশ্যপে সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰি কয় যে ২০১৫ চনৰ পৰা চলিত বৰ্ষৰ ৩১ মে’ পৰ্যন্ত গোৱা আৰক্ষীয়ে ২৫৬ টা ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে৷ ইয়াৰ ভিতৰত ১৬২ জন ধৰ্ষণকাৰী ধৰ্ষিতাৰ বন্ধু, ২৬ জন আত্মীয়, ৬ জন ধৰ্ষিতাৰ পিতৃয়ে সংঘটিত কৰা ধৰ্ষণকাণ্ড, ১৭ জন প্ৰতিৱেশী, এজন ধৰ্ষিতাৰ ককায়েক আৰু ২৩ জন অপৰিচিত ব্যক্তি৷ আনহাতে নেছনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য মতও দশত সংঘটিত হোৱা সৰ্বমুঠ ধৰ্ষণ কাণ্ডৰ ৯৫ শতাংশ ধৰ্ষিতাৰ পৰিচিত ব্যক্তিয়েই সংঘটিত কৰে৷

ইফালে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত গোৱাত ধৰ্ষণ কাণ্ড ১৩ শতাংশ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷