গোৱালপাৰাঃ অমৰনাথ যাত্ৰীৰ ওপৰত যোৱা ১০ জুলাইত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিয়ে।

নিহত তীৰ্থযাত্ৰীৰ আত্মাৰ সদগতি কামনা কৰি আমছুৰ গোৱালপাৰা জিলা সমিতিয়ে চহৰৰ যান-বাহন আৰক্ষীৰ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে৷

গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে পবিত্ৰ অমৰনাথ তীৰ্থযাত্ৰীক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে। সন্ত্ৰাসবাদীক উচিত শিক্ষা প্ৰদান কৰিবলৈ  ভাৰত চৰকাৰক দাবী জনায়।

সভাপতিগৰাকীয়ে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই বুলি কৈ এই জটিল সময়ত সকলোৱে মিলি সন্ত্ৰাসবাদ দমন কৰাৰ ক্ষেত্ৰত জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হ’ব লাগিব বুলি কয়৷

একাংশই এনে ঘটনাৰ পাছতে হিন্দু- মুছলমানৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব খোজে বুলিও অভিযোগ তোলে চৌধুৰীয়ে৷