newsnextone.com | ডিজিটেল ডেস্কঃ সমুদ্ৰত ডুব যোৱা এখন জাহাজ ৩০০ বছৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল কলম্বিয়াই৷ জাহাজ খনত আছিল গুপ্তধন৷ সাগৰৰ তলিৰ পৰা ৩১০ বছৰ পুৰণি গুপ্তধন সহ উদ্ধাৰ হয় জাহাজখন৷ ১৭ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ১ লাখ ১৫ হাজাৰ কোটি টকাৰ ধন উদ্ধাৰ হয়৷ ক্যাৰিবিয়ান সাগৰত স্পেইনৰ জাহাজত বিপুল পৰিমাণৰ ধনৰ ভাণ্ডাৰ উদ্ধাৰ কৰে ৰবটে৷ 

cnn.comৰ খবৰ মতে, গভীৰ পানীৰ তলত কাম কৰিবলৈ সক্ষম এই ৰবটৰ নাম হৈছে ৰেমাছ৷ উচ্চ প্ৰযুক্তি সম্পন্ন এইবিধ ৰবটত কেমেৰা সংযোগ কৰা হয়৷ চাৰ মাইল পৰ্যন্ত নিজেই ডুবাব পাৰে ৰবটটোৱে৷ জানিব পৰা মতে ১৮০০ শতিকাৰ শেষ ভাগত ব্ৰটিছ যুদ্ধ জাহাজৰ সৈতে যুদ্ধ কৰাৰ সময়তে ডুব গৈছিল জাহাজ খন৷

জাহাজ খনত থকা প্ৰচুৰ পৰিমাণৰ ধন সোণ, ৰূপ সমুদ্ৰ তলত পৰি ৰয়৷ ২০১৫ চনত জাহাজ খনৰ সন্ধান লাভ কৰিছিল৷ যাৰ ফলত বিগত তিনিটা বছৰৰ নেৰানেপেৰা চেষ্টাৰ অন্তত ধন-সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সাগৰৰ ২০০০ ফুট তলত পোৱা হৈছে যুদ্ধ জাহাজ খন৷ সমুদ্ৰৰ তলৰ পৰা জাহাজৰ ধ্বংসৱাশেষ উদ্ধৰ কৰে৷

জাহাজ খনে সোণ আৰু ৰূপ কঢ়িয়াই আনি আছিল৷ ২০১৫ চনত কলম্বিয়াৰ কাৰ্টিগেনা এলেকাত থকাৰ সন্দেহ কৰা হৈছিল৷ তিনি বছৰৰ মূৰকত হে সবিশেষ জানিব পৰা যায়৷ Woods Hole Oceanographic Institution চমুকৈ WHOI নামৰ সংস্থাটোৱে এই সফলতা লাভ কৰে৷ ১৭০৮ চনৰ ৮ জুনত পানামৰ পৰা কলম্বিয়ালৈ আহি আছিল জাহাজ খন৷ আহি থকা অৱস্থাত ৬০০ মানুহৰ সৈতে ব্ৰিটিছৰ যুদ্ধ জাহাজৰ সৈতে মুখামুখি হোৱাত তুমুল সংঘৰ্ষ লাগে আৰু জাহাজ খন পানীত ডুব যায়৷