কোকৰাঝাৰঃ ৰাজ্যত ক্ৰমান্বয়ে বাঢ়ি অহা ভয়াৱহ নিবনুৱা সমস্যাৰ পৰিণতিতে কৰ্মৰ সন্ধানত সুদুৰ গুৰগাঁৱ(গুৰুগ্ৰাম)ত বনকৰা যুৱতী হিচাপে থকাৰ পিছত যুৱতীগৰাকীয়ে অাত্মহত্যা কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৰগাঁৱত বিল্ডিংৰ ছাদৰ পৰা জাঁপ মাৰি অাত্মহত্যা কৰা যুৱতীগৰাকীক ৰঞ্জিতা ব্ৰহ্ম বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ জিলাৰ বিন্নাকাটা গাঁওৰ অনিল ব্ৰহ্মৰ পৰিয়ালটোৱে বেচ কিছুদিন পূৰ্বে কৰ্মৰ সন্ধানত মেঘালয়লৈ যায়। মেঘালয়ত থকাৰ সময়তেই অৱস্থাপন্ন ঘৰত চাকৰণীৰ যোগান ধৰা এটা এজেণ্টৰ সতে অনিল ব্ৰহ্মৰ কন্যা ৰঞ্জিতা ব্ৰহ্মৰ যোগাযোগ হয় অাৰু সেইমতে উক্ত এজেণ্টজনে ৰঞ্জিতাক গুৰগাঁওৰ চিচান্তলগ, কাৰ্লটন ৪, বি ১১৪, ডিএলএফ ফেজ ৫ ৰ বাসিন্দা ৰহিত মেহতাৰ ঘৰত বনকৰা যুৱতী হিচাপে ৰাখে।

উত্থাপিত অভিযোগ অনুসৰি মেহতাৰ ঘৰত বনকৰা যুবতী হিচাপে থকাৰ সময়ত ৰঞ্জিতাক মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও ভালকৈ খাবলৈও দিয়া নহৈছিল । যোৱা ১০ মাৰ্চৰ দিনাখন ৰঞ্জিতাই উক্ত এজেণ্টজনক টেলিফোনযোগে সমস্ত ঘটনা বিবৰি কৈ মেহতাৰ ঘৰৰ পৰা তেওঁক উলিয়াই লৈ যাবলৈ অনুৰোধ কৰে। এজেণ্টজনে মেহতাৰ ঘৰত উপস্থিত হয় যদিও মেহতাৰ পৰিয়ালে তেওঁক দুৰ্ব্যৱহাৰ কৰি বাহিৰৰ পৰাই খেদি পঠায়।

সিদিনাখনেই ৰঞ্জিতা ঘৰৰ চাদৰ পৰা পৰি মৃত্যু হোৱা বুলি ৰঞ্জিতাৰ পৰিয়ালে খবৰ লাভ কৰে । ইতিমধ্যে ৰঞ্জিতাৰ ককায়েক গুৰগাঁৱলৈ ৰাওনা হৈছে অাৰু ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই উক্ত ঘটনাটোক নিন্দা কৰি মানসিক নিৰ্যাতনৰ পৰিণতিতে ৰঞ্জিতা ব্ৰহ্মৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। সাংসদগৰাকীয়ে ৰঞ্জিতাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী কৰি দোষীক অাইন অনুসৰি কঠোৰ শাস্তি বিহাৰ পোষকতা কৰিছে ।