বঙাইগাঁওঃ চৰকাৰ পৰিবৰ্তন হ'ল। পৰিবৰ্তনৰ কথাও ক'লে বহুত। কিন্তু পৰিবৰ্তন নহ'ল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহণ বিভাগৰ।
অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বঙাইগাঁওস্থিত বাছ আস্থানটোও একেই থাকিল। বৰঞ্চ সমস্যাহে বাঢ়িল। আস্থানটোৰ কদৰ্য ৰূপে আজি পৰিবহন নিগমৰ অধীনস্থ বাছৰ চালক-কৰ্মচাৰীসকলক ক্ষুব্ধ কৰি তোলে।
চালকসকলে আস্থানটোৰ সন্মুখতে নিজৰ বাছসমূহ ৰাখি চলাচল বন্ধ কৰাৰ উপৰি পৰিবহণ নিগমৰ বাছৰ চলাচলতো বাধা প্ৰদান কৰে। ফলত দুপৰীয়া ধুবুৰীলৈ যাবলগীয়া পৰিবহণ নিগমৰ বাছখন নিগমে বাতিল কৰিবলগীয়া হয়।
যাত্ৰীসকলকো টিকটৰ ধন ঘূৰাই দিবলগীয়া হয় নিগমৰ কাউণ্টাৰে। এজাক বৰষুণতেই বোকাময় হৈ পৰা আস্থানটোত আজি দিনৰ ভাগত পৰিবহণ নিগমৰ অধীনস্থ এখন বাছ আৱদ্ধ হোৱাৰ পিছতে এনে পৰিস্থিতিৰ উদ্ভৱ হয়।