বিজনীঃ চিৰাঙৰ বিজনীত দেওবাৰে পুৱাই সংঘটিত হয় এক পথ দূৰ্ঘটনা ৷ বিজনীৰ নিকটৱৰ্তী ভেটাগাঁও ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ৰ সমীপত পুৱা ৬ বজাত সংঘটিত হয় এই দূৰ্ঘটনাটো।
আনন্দবজাৰৰ এছএছ বি কেম্পত নিশা বিল্ডিঙৰ ধালাইৰ কাম সামৰি উভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে শ্ৰমিক ভৰ্তি টাটা মোবাইল গাড়ী এখন।
দুৰ্ঘটনাগ্ৰস্ত টাটা মোবাইল গাড়ীখনৰ নম্বৰ হৈছে As-19C-8225। গাড়ীখনে বঙাইগাঁও জিলাৰ হাপাচাৰা আৰু অভয়াপুৰীলৈ ২০ জনকৈ শ্ৰমিক কঢ়িয়াই আনিছিল।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় অভয়াপুৰী কুশবাৰীৰ শ্ৰমিক আমিৰ হুছেইন(৩৫)। ঘটনাটোত চাৰিগৰাকী মহিলাৰ লগতে আনসকল শ্ৰমিকো কম-বেছি পৰিমাণে আহত হয় ৷
লগে লগে দুগৰাকী মহিলাসহ চাৰিজনক বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত আন সকলক ভেটাগাঁও চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত যাবলৈ দিয়া হৈছে।