কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পূৰ্বৰ পঞ্জীয়ক আৰু চিইউডিচিৰ সঞ্চালকক ৰাজ্যপাালে এক নিৰ্দেশনাযোগে অপসাৰণ কৰাৰ পিছতেই উত্তপ্ত হৈ পৰা বিশ্ববিদ্যালয়ৰ পৰিৱেশ অদ্যপি শাম কটা নাই।
এনে এক পৰিৱেশৰ মাজতে আজি বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই নিজ কাৰ্যালয় কক্ষত আয়োজন কৰা এক সংবাদমেলযোগে ৰাজ্যপাল তথা বডোলেণ্ড বিশ্ববিদ্যালয়খনৰ আচাৰ্য বানোৱাৰীলাল পুৰোহিতৰ নিৰ্দেশমৰ্মে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰূপে প্ৰহ্লাদ বসুমতাৰীয়ে নিযুক্তি লাভ কৰা বুলি সদৰী কৰিছে। ৰাজ্যপালৰ নিৰ্দেশনাৰ পিছতে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰূপে দায়িত্বভাৰ হাতত লৈছে প্ৰহ্লাদ বসুমতাৰীয়ে।
♦ বিশ্ববিদ্যালয়ৰ পৰিৱেশ সুস্থিৰ ৰখাৰ আহ্বান এবছুৰ
আজি বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাৰ কক্ষত আয়োজিত হোৱা এক সংবাদমেলত উপাচাৰ্যগৰাকীয়ে ৰাজ্যপালৰ উক্ত নিৰ্দেশনাৰ কথা সদৰি কৰী বিশ্ববিদ্যালয়ত অব্যাহত থকা ধৰ্ণা প্ৰতিবাদক লৈ দুখ প্ৰকাশ কৰে।
তেওঁ সংবাদমেলত সদৰী কৰা মতে পূৰ্বৰ পঞ্জীয়ক ড° শেখৰ ব্ৰহ্ম আৰু চিইউডিচিৰ সঞ্চালক ড° দীননাথ বসুমতাৰীক তেওঁলোকৰ সংশ্লিষ্ট পদৰ পৰা আতৰ কৰাত তেওঁৰ কোনো ভূমিকা নাই আৰু সেয়া ৰাজ্যপালে নিয়মানুযায়ী কৰিছে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ নিৰ্দেশ পালন কৰিবলৈ উপাচাৰ্য হিচাপে তেওঁ বাধ্য বুলি মন্তব্যৰে এইক্ষেত্ৰত তেওঁক অযথা সাঙুৰি লোৱাটো দূৰ্ভাগ্যৰ বিষয় বুলি মত প্ৰকাশ কৰিছে।
ইপিনে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক পৰিৱেশক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বিশ্ববিদ্যালয়ৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।
বিবৃতিটোত আইন আৰু নিয়মানুযায়ী হে বিশ্ববিদ্যালয়ৰ আচাৰ্যই ব্যৱস্থা গ্ৰহণ কৰে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীয়ে নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিকৰণৰ সময়তে এনেবোৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি মন্তব্যৰে লৰেঞ্চ ইছলাৰীয়ে বিশ্ববিদ্যালয়ৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে পূৰ্বৰ পঞ্জীয়ক আৰু চিইউডিচিৰ সঞ্চালকক পদৰ পৰা ৰাজ্যপালে এক নিৰ্দেশনাযোগে আতৰাই দিয়াত বিশ্ববিদ্যালয় ছাত্ৰ গোটৰ উদ্যোগত একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু উপাচাৰ্যৰ কক্ষ তলাবন্ধ পৰ্যন্ত কৰি ৰাখিছিল।