গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা গ্ৰাহকৰ অজ্ঞাতে বিপিএফ নেতাই ধন উলিয়াই নিয়াত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবলৈ পোৱা মতে আজি ৫নং গোৰেশ্বৰ গেৰুৱাৰ আইনুদ্দিন আলী নামৰ এজন লোকে অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা নিজৰ জমা ধন উলিয়াবলৈ আহে৷

কিন্তু লোকজনে টকা উলিয়াবলৈ যোৱাত বেংক কৰ্তৃপক্ষই তেওঁৰ একাউণ্টত ধন নাই বুলি কয়৷ তেওঁ বেংক কৰ্মচাৰীক একাউণ্টৰ জমা ধন সন্দৰ্ভত জানিব বিচৰাত বেংক কৰ্তৃপক্ষই সদুত্তৰ নিদিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

পিছত স্থানীয় কেইবাটাও ছাত্ৰ সংগঠনে ৰাইজৰ সহযোগত বেংক কৰ্মচাৰীয়ে বিপিএফ নেতাৰে মিলি বেংকৰ পৰা অবৈধভাৱে ধন উলিয়াই নিয়া বুলি জানিব পাৰে৷ স্থানীয় সংগঠনকেইটাৰ প্ৰচেষ্টাত গোৰেশ্বৰৰ ভোগপুৰ গাঁৱৰ ৰুবুল আলী আৰু শিমিলা গাঁৱৰ লিতুল আলীয়ে ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহে। 

সংগঠনকেইটাই জনোৱা মতে দুয়োজন যুৱক বিপিএফ দলৰ স্থানীয় নেতা৷ ঘটনা সন্দৰ্ভত বেংক কৰ্মচাৰীৰ পৰা বুজ ল’বলৈ যোৱা ৩টাকৈ সংগঠনক বেংক কৰ্মচাৰী অৰুণ দাসে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে।

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, মুছলিম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু আক্ৰাছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে বেংক কৰ্মচাৰীজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।