ডিজিটেল ডেস্কঃ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোডী চৰকাৰে তেওলোকৰ কাৰ্যকালৰ অন্তিম খন বাজেট বৃহস্পতিবাৰে সংসদত দাখিল কৰে৷ অন্তিম পূৰ্ণ বাজেট খনে কি পৰিৱৰ্তন কৰিব৷ দেশৰ কৃষক, দৰিদ্ৰ, যুৱক, গৃহিনী, সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আশাৰ নতুন সঞ্চাৰ কৰিব বুলি চৰকাৰে কব খোজে৷
বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে মোডী চৰকাৰৰ অন্তিম পূৰ্ণ বাজেটত বহু যোজনাৰ কথা ঘোষণা কৰে৷ জেটলীয়ে কৃষকৰ কাৰণে প্ৰয়োজন হোৱা লাঘৱ মূল্যৰ পৰা ৫০ শতাংশ বেছি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ মোডী চৰকাৰৰ এনে পৰিকল্পনাই দেশৰ আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰিব বুলি ব্যাপক চৰ্চা হৈছে৷ সংসদত আগবঢ়োৱা বাজেট ভাষণত দিয়া প্ৰতিশ্ৰুতিৰ অন্যতম কেইটা উল্লেখ কৰা হ’ল৷
পৰিশ্ৰমী কৃষকক সকাহঃ কপালৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰা কৃষকসকলৰ কষ্ট সাৰ্থক হ’বলৈ কৰাৰ চেষ্টা৷ বাজেট অধিবেশনত বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে কৃষকসকলক সাঙুৰি লোৱাৰ লগতে কৃষকসকলৰ খেতি উৎপাদনৰ লাভৰ মূল্য ডেৰ গুণ বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷
মীন আৰু পশু পালনৰ বাবে ক্ৰেডিট কাৰ্ডঃ পশু পালক আৰু মীন পালক সকলৰ বাবে সুখবৰ৷ বিত্ত মন্ত্ৰী জেটলীৰ ঘোষণা অনুসৰি কিষান ক্ৰেডিট কাৰ্ড লাভ কৰিব পশু পালন আৰু মীন পালকসকলে৷ পশু আৰু মীন পালন ক্ষেত্ৰখনৰ বিকাশৰ বাবে ১০,০০০ কোটি টকাৰ কোষাগাৰ স্থাপন কৰাৰ সংকল্প৷
২ কোটিৰ শৌচাগাৰ নিৰ্মাণৰ লক্ষ্যঃ দেশত শৌচাগাৰৰ নিৰ্মাণৰ ক্ষেত্ৰত কাম হাতত লৈছে যদিও বহু ঠাইত এতিয়াও মানুহে এই ব্যৱস্থাৰ পৰা দূৰত আছে৷ দেশৰ স্বচ্ছতা বজাই ৰাখিবলৈ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এই আঁচনি হাতত লয়৷
২৪ খন নতুন চৰকাৰী মেডিকেল ক’লেজ আৰু হস্পাতাল স্থাপনঃ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে পিছ পৰা অৰ্থাৎ দুৰ্গম ঠাইত ২৪ খন নতুন চৰকাৰী মেডিকেল ক’লেজ আৰু ২৪ খন হস্পাতাল নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে৷ সু-স্বাস্থ্য এখন সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰে৷ যাৰ বাবে এই আঁচনিৰ প্ৰয়োজন অধিক বুলি কোৱা হয়৷
১০ কোটি পৰিয়ালৰ বাবে স্বাস্থ্য বীমা যোজনাঃ ৪০ শতাংশ লোকৰ সুবিধাৰ উপৰিও দৰিদ্ৰ লোকৰ বাবে ৫ লাখ টকাৰ মেডিকেলৰ ইন্সুৰেঞ্চৰ জৰিয়তে সুবিধা দিয়া হ’ব এই আঁচনিত৷
উজ্জলা যোজনাই ৪ কোটি পৰিয়ালক দিছে ৰন্ধন গেছৰ যোগানঃ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে উজ্জলা আঁচনিত ৪ কোটি পৰিয়ালক ৰন্ধন গেছৰ যোগান ধৰাৰ কথা উল্লেখ কৰে৷ যাৰ ফলত গৃহিনী সকলে সকাহ পাব বুলি কোৱা হয়৷
অনুসূচিত জাতিৰ ছাত্ৰসকলৰ বাবে একলব্য বিদ্যালয় স্থাপনঃ জ্ঞানৰ বিকাশৰ কেন্দ্ৰস্থলেই হৈছে বিদ্যালয়৷ পিছ পৰা অনুসূচিত জাতিৰ ছাত্ৰসকলৰ বাবে নবোদয়ক শীৰ্ষক লৈ একলব্য বিদ্যালয় স্থাপনৰ পণ লয়৷
৫১ লাখ ঘৰ নিৰ্মাণৰ লক্ষ্যঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মতে ২০২২ চনৰ ভিতৰত দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ঘৰ নিৰ্মাণৰ বাবে সংকল্প লয়৷ ৫১ লাখ ঘৰৰ নিৰ্মাণ কৰি দৰিদ্ৰ লোকক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা কৰাৰ কথা কোৱা হয়৷