newsnextone.com | ডিজিটেল ডেস্কঃ ৰিলায়েঞ্চৰ ৪১তম বাৰ্ষিক সাধাৰণ সভাত ব্ৰডবেণ্ড আৰু ফিক্সড লাইন সেৱা জিঅ’ গিগা ফাইবাৰ মুকলি কৰিলে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰী লিমিটেডৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীয়ে৷ আম্বানীয়ে ভাষণ প্ৰসংগত কয় যে ১১০০ খন চহৰৰ গৃহ, সৰু-বৰ উদ্যোগ তথা বৃহৎ শিল্প প্ৰতিষ্ঠানসমূহতো অচিৰেই উন্নতমানৰ ব্ৰডবেণ্ড সেৱা উপলব্ধ হ’ব৷

মুকেশ আম্বানীয়ে জানিবলৈ দিয়া মতে, ১৫ আগষ্টৰ পৰা জিঅ’ গিগা ফাইবাৰৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব৷ MyJio এপ আৰু Jio.comৰ জৰিয়তে গ্ৰাহকসকলে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ ব্ৰডব্ৰেণ্ড সেৱাত চহৰ-গাঁৱৰ দেৱালে দেৱালে Wifi সেৱা উপলব্ধ হ’ব৷

ইফালে, বৃহস্পতিবাৰে জিঅ’ ফোনৰ উন্নত ফিচাৰযুক্ত জিঅ’ ফোন-২ মুকলি কৰা হয়৷ কোম্পানীয়ে জনোৱা মতে, জিঅ’ৰ নতুন মোবাইল যোগে গ্ৰাহকে ইউটিউব, ফেচবুক আৰু হোৱাটছআপ ব্যৱহাৰৰ সুবিধা লাভ কৰিব পাৰিব৷ জিঅ’ ফোন-২ আন সাধাৰণ এণ্ড্ৰ’ইড মোবাইল ফোনৰ দৰেই ফিচাৰযুক্ত হ’ব বুলি জনায় মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানীয়ে৷

আনহাতে, ‘মনচুন হাংগামা অফাৰ’ যোগে গ্ৰাহকে যিকোনো ফিচাৰ ফোন সলনি কৰি মাত্ৰ ৫০১ টকাটে জিঅ’ৰ ফোন লাভ কৰিব পাৰিব৷ কোম্পানীয়ে জিঅ’ৰ নতুন ফোনৰ নিৰিখ ধাৰ্য্য কৰিছে ২,৯৯৯ টকা৷

বৃহস্পতিবাৰে মুম্বাইত অনুষ্ঠিত ৰিলায়েঞ্চৰ ৪১ বছৰীয়া বৰ্ষপুতি অনুষ্ঠানত কোম্পানীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে বেচৰকাৰী সংস্থাৰ ভিতৰত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰী লিমিটেডে সৰ্বোচ্ছ জিএছটি আৰু আয়কৰ জমা কৰিবলৈ সক্ষম হৈছে৷ যোৱা বছৰ কোম্পানীৰ আয়ত ২০.৮ শতাংশ বৃদ্ধি হৈ ৩৬.০৭৫ কোটি টকা হৈছে৷ আনহাতে বৰ্তমানলৈ ভাৰতত জিঅ’ ব্যৱহাৰকাৰীৰ সংখ্যা ২৫ মিলিয়ন হৈ পৰা বুলিও জনায় মুকেশ আম্বানীয়ে৷