ডিজিটেল ডেস্কঃ শিৱসেনাৰ পথেৰে আগবাঢ়িছে বিজেপিৰ মিত্ৰ জোঁটৰ দক্ষিণৰ দলো৷ জেটলীৰ বাজেটে সন্তুষ্ট কৰিব নোৱাৰিলে অন্ধপ্ৰদেশৰ বিজেপিৰ মিত্ৰ দল টিডিপিক৷ চন্দ্ৰবাবু নাইডুয়ে স্পষ্ট কৰে যে, মিত্ৰজোটৰ বাবেই তেওঁ মনে মনে আছে৷ কিন্তু বিজেপিৰ এই অৱস্থাত থাকিলে ‘নমস্তে’ বুলি কৈ ওলাই আহিব তেওঁ৷
উল্লেখ্য, তেলুগু দেশম পাৰ্টিয়ে ক্ষোভ ব্যক্ত কৰি কয় যে, এই বাজেটত অন্ধ্ৰপ্ৰদেশৰ বাবে একোই নাই৷ ইফালে, দেওবাৰে অমৰাবতীত দলীয় নেতৃবৰ্গৰ সৈতে এক বৈঠকত মিলিত হ’ব চন্দ্ৰবাবু নাইডুয়ে৷ উল্লেখ্য, টিডিপিৰ ওপৰত ক্ৰমাৎ চাপ সৃষ্টি কৰি আহিছে বিৰোধী ওৱাইএছআৰ কংগ্ৰেছৰ জগন্মোহন ৰেড্ডিয়ে৷
কেন্দ্ৰৰ শাসক দলৰ সৈতে মিত্ৰ জোটত থাকিও অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা আদায় কৰাত টিডিপি ব্যৰ্থ বুলি প্ৰচাৰ চলাইছে ৷ এনে অৱস্থাত বিজেপিৰ লগত জোট থাকিলে ৰাজ্যত পুণৰ ক্ষমতাত অহাটো যে টান হ’ব ইয়াকে লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে৷ আনহাতে,বাজেট সন্দৰ্ভত শিৱসেনাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে ৰাজস্থানৰ উপ-নিৰ্বাচনেই প্ৰমাণ কৰিলে যে,২০১৯ ত বিজেপিৰ পতন হ'বই৷