ডিজিটেল ডেস্কঃ সময়ৰ সোতত বিলীন হৈ গ’ল আমেৰিকাৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী খ্যাত বাৰবাৰা ব্যুশ্ব৷ টেক্সাচৰ হিউষ্টন নগৰত মঙলবাৰে ৯২ বছৰ বয়সত মৃত্যুক আকোঁৱালি লয় আমেৰিকান ফাৰ্ষ্ট লেডী গৰাকীয়ে৷ নিজৰ স্বামী আৰু সন্তানক ৰাষ্ট্ৰপতিৰ আসনত প্ৰত্যক্ষ কৰা তেওঁ আমেৰিকাৰ একমাত্ৰ মহিলা আছিল৷ আমেৰিকাৰ ৪১তম ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ ব্যুশ্বৰ পত্নী আছিল বাৰবাৰা ব্যুশ্ব৷ ৰবিবাৰে পৰিয়ালৰ এক বিজ্ঞপ্তিত প্ৰকাশ পাইছিল বাৰবাৰাৰ শাৰীৰিক অৱনতিৰ কথা৷ যাৰ প্ৰৰিপ্ৰেক্ষিতত মঙলবাৰে ইহ সংসাৰৰ পৰা বিদায় লয় আমেৰিকাৰ ফাৰ্ষ্ট লেডী গৰাকীয়ে৷   

প্ৰাক্তন ফাৰ্ষ্ট লেডীৰ মৃত্যুৰ পিছত পৰিয়ালৰ তৰফৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বাৰবাৰা ব্যুশ্বৰ পুত্ৰ জৰ্জ ডব্লিউ ব্যুশ্বে এক টুইট যোগে মাতৃক স্মৰণ কৰে আৰু মাতৃৰ বিয়োগত সমবেদনা জ্ঞাপন কৰা সকলক ধন্যবাদ জ্ঞাপন কৰে৷ 


‘‘আমাৰ মা ৯২ বছৰ বয়সত শান্তিৰে মৃত্যুবৰণ কৰিছে৷ তেখেতঁৰ মৃত্যুত লাৰা, বাৰবাৰা, জেনা সহিত আমাৰ পৰিয়ালটোেৱে গভীৰ দুখ অনুভৱ কৰিছোঁ৷ কিন্তু আমি বিচলিত হোৱা নাই৷ কাৰণ আমি জানো, আমাৰ মা যতেই আছে শান্তিত আছে৷ বাৰবাৰা ব্যুশ্ব এগৰাকী অসাধৰণ নাৰী আৰু ফাৰ্ষ্ট লেডী আছিল৷ লাখ লাখ মানুহৰ মাজত তেখেতে শিক্ষাৰ পোহৰ আৰু ভালপোৱাৰ বীজ ৰোপন কৰি থৈ গৈছে৷ মাই আমাক প্ৰতিদিন আনন্দত ৰাখিছিল৷ আনকি মাৰ মৃত্যুৰ দিনাও আমাক হহুৱাবলৈ চেষ্টা কৰিছিল৷ আমি তেখেতৰ সন্তান হ’বলৈ পায় আজি ভাগ্যবান অনুভৱ কৰিছোঁ৷ আমি তেখেতক সদায় মনত পেলাম৷ আপোনাসকলৰ সমবেদনাৰ বাবে আপোনাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷’’- মাতৃক বিষয়ে এনেদৰে টুইট কৰি শোক প্ৰকাশ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে৷

পৰিয়ালৰ সুৰক্ষা সম্পৰ্কে সদা সচেতন তথা ৰূপালী চুলিৰ বাবে বাবে বাৰবাৰা নিকট মহলৰ মাজত ‘দ্য চিলভাৰ ফক্স’ হিচাপে খ্যাত আছিল৷ তেখেতৰ বিয়োগত আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা সহিতে আমেকিৰাক ৰাজনৈতিক মহলে গভীৰ শোক প্ৰকাশ কৰিছে৷