চৰাইদেউঃ ঐতিহাসিক ধোদৰ আলিত সম্প্ৰতি যান-বাহন দুৰাৰ কথা খোজকাঢ়ি যাব পৰাৰো পৰিৱেশ নাই৷ পুখুৰী সদৃশ দ গাতেৰে ভৰি পৰা পথটো বাৰিষাৰ সময়ছোৱাত অতি বিপদজনক হৈ পৰা দেখা গৈছে।
গড়কাপ্তানি বিভাগৰ দায়িত্বহীনতাৰ বাবে ঐতিহাসিক পথটোৰ এনে অৱস্থা হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি, টাই আহোম যুৱ পৰিষদ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত কেইবাশতাধিক সোণাৰিবাসীয়ে বিধ্বস্ত ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
পথ অৱৰোধ কৰি ঠিকাদাৰ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে। অহা সাত দিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই ধোদৰ আলি পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰিলে অনিদিৰ্ষ্ট কাললৈ পথটো অৱৰোধ কৰাৰ ভাবুকি প্ৰদান কৰে সংগঠনকেইটাই৷
ঠিকাদাৰ মুন বৰদলৈয়ে পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল যদিও ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ লেহেমীয়া গতিৰে নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণৰ অভ্যোগ উত্থাপন হৈছিল৷ ঠিকাদাৰ গৰাকীয়ে পথটো নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি ৰখাৰ ফলত ৰাইজে বোকা-পানী, গাতৰ মাজেৰে আহ-যাহ কৰিব লগীয়া হৈছে৷
যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ জিলা প্ৰশাসনক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি পথটো শীঘ্ৰে নিৰ্মাণ কৰি যাতায়াতৰ বাবে উপযোগী কৰিবলৈ দাবী জনায়।