গৌৰীসাগৰঃ চালকক চেণ্ডেলেৰে চৰ। এগৰাকী কলেজীয়া ছাত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। শিৱসাগৰ জিলাৰ জাঁজীত সংঘটিত এই ঘটনাই লাভ কৰিছে নাটকীয় ৰূপ।
জানিব পৰা মতে, যোৱা ২৮ জুনত কেইগৰাকীমান ছাত্ৰীয়ে মেজিকত উঠি কলেজলৈ আহি আছিল। তেনেতে হঠাৎ মেজিকখনৰ চকা ফুটি যায়। চকা ফুটি সৃষ্টি হোৱা শব্দত উচপ খাই আটাইকেইগৰাকীয়ে ছোৱালীয়ে জোৰেৰে চিঞৰি উঠে। লগে লগে চালকজনে গাড়ীখন ৰাস্তাৰ কাষতে ৰখাই স্পেয়াৰ টায়াৰ লগাবলৈ আৰম্ভ কৰে।
কলেজীয়া ছাত্ৰীকেইগৰাকীয়েও অধৈৰ্য হৈ আৰু কিমান সময় লাগিব বুলি বাৰে বাৰে চালকজনক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিবলৈ লয়। ছাত্ৰীকেইগৰাকীৰ এগৰাকীয়ে চালকজনক উদ্দেশ্যি ঠাট্টাৰ সুৰত লগৰীয়া কেইগৰাকীৰ সৈতে জোৰ-জৰকৈ কথা পাতিবলৈ লয়। ছাত্ৰীগৰাকীৰ তেনে কাণ্ড দেখি গৰমত টায়াৰ সলাই ভাগৰি পৰা চালকজনৰ প্ৰচণ্ড খং উঠে। খঙতে একো নাই হৈ তেওঁ উঠি ছাত্রী কেইগৰাকীক দ্বিতীয় দিনা তেওঁৰ গাড়ীত নুঠিবলৈ কোৱাৰ লগতে অশ্লীল বাক্য ব্যৱহাৰ কৰে।
ঘটনাটোৰ এদিন পিছত অৰ্থাৎ বৃহস্পতিবাৰে ছাত্ৰীকেইগৰাকীয়ে লগৰ সমনীয়াসকলৰ উপৰিও কেবাজনো স্থানীয় লোকক এই বিষয়ে অৱগত কৰে। লগে লগে সমনীয়া আৰু স্থানীয় লোক কেইজনমানে চালকজনক গাড়ী ৰখাই নমাই আনি প্ৰথমে গালি-গালাজ কৰে। ছোৱালী জোকোৱাৰ অভিযোগত চালকজনক ৰাস্তাত কাণত ধৰি আঠু কাঢ়িবলৈকো বাধ্য কৰোৱা হয়।
কেৱল সিমানেই নহয়, যিগৰাকী ছাত্ৰীক উদ্দেশ্যি চালকজনে অশ্লীল শব্দ কৈছিল সেই ছাত্ৰীগৰাকীয়ে সকলোৰে সমুখতে চালকজনক চেণ্ডেলেৰে চৰ মাৰে। আনকি ছাত্ৰীগৰাকীৰ বয়ফ্ৰেইণ্ডে চালকজনক পিছফালৰ পৰা গোৰ শোধায় সেইদিনা কি হৈছিল সেয়া বিৱৰি ক'বলৈ ধমক দিয়ে।
লগে লগে সমগ্র ঘটনাৰ ভিডিঅ' ছ'চিয়েল মেডিয়াযোগে ভাইৰেল হৈ পৰে। কলেজৰ ইউনিফৰ্মত কলেজীয়া ছাত্রই কৰা এনে ঘটনাৰ বিষয়ে অৱগত হৈ জাঁজী কলেজৰ অধ্যক্ষই ছাত্রীগৰাকীৰ লগতে ছাত্রজনৰ অৱিভাৱকক মাতি আনে।
আনহাতে এই ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মেজিক চালক সন্থাই। এনে প্ৰতিবাদত সেও মানি চালকজনক চেণ্ডেলেৰে চৰিওৱাৰ লগতে স্থানীয় ৰাইজ আৰু সমনীয়াৰ হাতত শাৰীৰিকভাৱে অপদস্থ হ'বলৈ এৰি দিয়া ছাত্ৰীগৰাকীয়ে উক্ত চালকজনৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ বাধ্য হৈ পৰে। ছাত্ৰীগৰাকীয়ে ভৰিত ধৰি ক্ষমা খোজাৰ পিছতে প্ৰতিবাদী চালকসকল শান্ত হৈ পৰে যদিও আইন হাতত তুলি লোৱা ঘটনাৰ উচিত তদন্ত দাবী কৰে।
ইফালে অধ্যক্ষই কলেজৰ ইউনিফৰ্ম পিন্ধি চালকক প্ৰহাৰ কৰা ছাত্রজনক এবছৰলৈ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ছাত্ৰীগৰাকীয়ে ভৰিত ধৰি ক্ষমা খোজাৰ পিছতে ছাত্রজনৰ শিক্ষা জীৱনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সিদ্ধান্ত উঠাই ল'বলৈ অধ্যক্ষগৰাকীক অনুৰোধ জনাইছে বুলি জানিব পৰা গৈছে।
নাটকীয় এই ঘটনাটোক লৈ এতিয়া সমগ্ৰ শিৱসাগৰ জিলাতে সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে। একাংশ লোকে ছাত্ৰীগৰাকীক জগৰীয়া কৰাৰ বিপৰীতে আন একাংশ লোকে আকৌ খং উঠিল বুলিয়েই কলেজীয়া ছাত্ৰীৰ সমুখত চালকজনে অশ্লীল শব্দ উচ্চাৰণ কৰাতো উচিত হোৱা নাই বুলি মন্তব্য কৰিছে।
বহুতে তেনেই সামান্য কথা এটাতে ইমান হৈ-চৈ কৰাৰ কোনো প্ৰয়োজনেই নাছিল বুলিও ছ'চিয়েল মিডিয়াযোগে মত প্ৰকাশ কৰা দেখা গৈছে। অৱশ্যে ইয়াৰ সমান্তৰালভাৱে মুষ্টিমেয় কেইজনমান লোকে উক্ত ঘটনাৰ ফটো আপলোড কৰি সমগ্ৰ বিষয়টোক অন্য ৰূপ দিবলৈকো চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।