newsnextone.com | নামতিঃ নিশা হলেই বাঘ ওলায়। বাঘৰ আতংকত এতিয়া নিদ্ৰাহৰণ হৈছে শিৱসাগৰ জিলাৰ নামতিৰ গণক আদৰ্শ গাঁৱৰ ৰাইজৰ ৷ ৰাইজে বাঘৰ ওলোৱাৰ খবৰ বন বিভাগক দিয়াত মানুহে খালেহে বাঘ ধৰিম বুলি কোৱাত হতভম্ব হৈ পৰিছে গাঁওবাসী ৷

শিৱসাগৰ জিলাৰ নামতিৰ আমগুৰি বন সংমণ্ডলৰ অন্তৰ্গত নামতি চাৰিআলিৰ গণক আদৰ্শ গাঁৱত যোৱা কেইবাটাও দিন ধৰি এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। 

জানিব পৰা মতে, অঞ্চলটোত বাঘে দিনে-নিশাই পশুধন ভক্ষণ কৰি আহিছে। গোহালিৰ পৰা গৰু, ছাগলী ভক্ষণ কৰি এক আতংকৰ সৃষ্টি কৰিছে। ৰাইজে বাঘ ধৰিবলৈ বন বিভাগক আহ্বান জনাই যদিও বনবিভাগে পশুধন ভক্ষণ কৰিলে নহয়, মানুহ ভক্ষণ কৰিলেহে বাঘক পিঞ্জিৰাৱদ্ধ কৰা হ'ব বুলি উত্তৰ দিয়ে। বন ভিগৰ পৰা এনে উত্তৰ লাভ কৰাত ৰাইজ সোচ্চাৰ হৈ পৰিছে। গাঁওখনত অদ্যপি বিৰাজ কৰিছে এক চৰম আতংক ৷ অৱশ্যে নিশা স্থানীয় যুৱকৰ দলে পঢ়া দিয়াৰ ব্যৱস্থা কৰিছে। 

সন্ত্ৰাসৰ সৃষ্টি কৰি শ-শ লোকৰ নিদ্ৰাহৰণ কৰা বনৰজা অৱশেষত মানুহৰ বুদ্ধিৰ সন্মুখত নতশিৰ হ’ব নে নাই তাকেই লৈ চলিছে চৰ্চা৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বন বিভাগৰ লোকে এনে অবিবেচক মন্তব্য প্ৰকাশ কৰা কাৰ্যক ৰাইজে সহজে ল'ব পৰা নাই। বাঘটোক সোনকালে পিঞ্জৰাৱদ্ধ কৰিবলৈ ৰাইজে দাবী জনায়।