চৌদিশে কেৱল মৃত্যুৰ কিৰিলি! দিনে-নিশাই বাৰুদৰ কাণতাল মৰা শব্দই বিভীষিকা নমায়। আকাশৰ পৰা সৰি পৰা মিছাইলে কেতিয়া কোন দিশৰ পৰা আহি সকলো ধ্বংসাৱশেষত বিলীন কৰে, তাৰো কোনো ঠিক নাই। মানুহবোৰ এই নিজ নিজ গৃহতেই বন্দী হৈ পৰিছে। হাস্পতালে হাস্পতালে আঘাতপ্ৰাপ্তৰ ভিৰ বাঢ়িছে, চিকিৎসাৰ বাবে ঔষধ নোহোৱা হৈ পৰিছে। গেলামাল দোকানবোৰতো অত্যাৱশ্যকীয় বহু সামগ্ৰী এতিয়া পাবলৈ টান। মানুহবোৰে অনবৰতে বুকুত এটা শংকা কঢ়িয়াই ফুৰিবলগীয়া হৈছে। এয়া মৃত্যুৰ শংকা, আপোনজনক হেৰুওৱাৰ শংকা!
গাজাৰ এই যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পৰাৰ এতিয়া এটাই উপায়- জন্মভূমি এৰি পলায়ন। সকলোৱে যেন এতিয়া কেনেবাকৈ হ’লেও গাজা এৰিব বিচাৰে। সকলোৱে মৃত্যু আতংকৰ পৰা পৰিত্ৰাণ বিচাৰে। সেয়ে পৰিয়ালৰ সৈতে এটা গাজাবাসীয়ে ভিৰ কৰিছে গাজা-ইজিপ্ত সীমান্তত। চুবুৰীয়া ইজিপ্তত আশ্ৰয় বিচাৰি কাতৰ অনুৰোধ কৰিছে গাজাবাসীয়ে।
এতিয়া তৃতীয়বাৰৰ বাবে সীমান্ত পাৰ হোৱাৰ প্ৰয়াস কৰিছে সহস্ৰ গাজাবাসীয়ে। সকলোৱে আশা কৰিছে- অন্ততঃ এইবাৰ নিশ্চিতভাৱে শৰণাৰ্থীসকলৰ বাবে খুলি দিয়া হ’ব সীমান্ত। অন্ততঃ কিছু সংখ্যক লোকে হ’লেও যুদ্ধত বিধ্বস্ত গাজাৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’ব। স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহেও এইবাৰ সীমান্ত খুলি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে। সেই সম্ভাৱনাকে আশাৰ দৰে লৈ সীমান্তত অপেক্ষা কৰিছে অগণন লোকে।
যুদ্ধৰ পৰা পৰিত্ৰাণ বিচাৰি...
ইজিপ্তৰ সীমান্তৰ ফালে দক্ষিণ গাজাৰ ৰাফাহ ক্ৰছিঙত যুদ্ধৰ পৰা পৰিত্ৰাণ বিচাৰি গাজা এৰিব বিচৰাসকলৰ মাজত আছে তালা আবু নাহালেহৰ পৰিয়ালটোও। পৰিয়ালটোৰ ইচ্ছা– যুদ্ধ এৰি সীমান্ত পাৰ হৈ ইজিপ্তত প্ৰৱেশ কৰা। তালা আবু নাহালেহে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, জৰ্ডান দূতাবাসে তেওঁলোকক ফোন কৰি ৰাফাহ ক্ৰছিঙত উপস্থিত হ’বলৈ পৰামৰ্শ দিছিল।
দৰাচলতে এইবাৰ বিদেশী পাছপ’ৰ্ট থকা লোককহে ৰাফাহ ক্ৰছিং পাৰ হ’বলৈ অনুমতি প্ৰদান কৰিছে ইজিপ্ত চৰকাৰে। তদুপৰি যুদ্ধ পৰিস্থিতিত আহত আৰু অসুস্থ লোকসকলকো সীমান্ত পাৰ হ’বলৈ অনুমতি দিয়া হৈছে। আৰু সৌভাগ্যক্ৰমে যুদ্ধৰ পৰা পৰিত্ৰাণ বিচৰা তালা আবু নাহালেহৰ মাতৃ হৈছে এগৰাকী জৰ্ডান নাগৰিক।
২৪ বৰ্ষীয় তালা এগৰাকী শিক্ষিত যুৱতী। চৰকাৰী বৃত্তি লাভ কৰি আমেৰিকা আৰু বেইৰুটত অধ্যয়ন কৰি স্বদেশলৈ উভতি আহিছিল তেওঁ। বহু কিবা কিবি কৰাৰ সপোন দেখা শিক্ষিত যুৱতীগৰাকীয়ে ঘৰলৈ উভতি অহাৰ পিছত মূৰ পাতি ল’বলগীয়া হৈছিল ৬জনীয়া পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব। তালাৰ এজন ১৫ বছৰীয়া ভাতৃ আছে, নাম তেওঁৰ ইয়াজিদ। শাৰীৰিকভাৱে অক্ষম আৰু মৃগী ৰোগত আক্ৰান্ত ইয়াজিদৰ জীৱন আৱদ্ধ হুইল চেয়াৰতে। তেওঁৰো চিকিৎসাৰ সমস্ত খৰছ বহন কৰিবলগীয়া হয় তালাই। কিন্তু যুদ্ধ পৰিস্থিতিৰ পিছত ইতিমধ্যে গাজাৰ হাস্পতালত শেষ হৈছে ইয়াজিদৰ বাবে প্ৰয়োজনীয় ঔষধ। ইফালে বাহিৰত ধাৰাবাহিক বোমা বিস্ফোৰণ... এনে পৰিস্থিতিত লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিছে ইয়াজিদৰ।
‘২৪ বছৰ বয়সতে মই মৰিব নিবিচাৰো!’
তালাই কয়, "হিংসা বৃদ্ধি পোৱাৰ লগে লগে ইয়াজিদৰো স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। হাস্পতালত দৰৱৰ অভাৱৰ বাবে এতিয়া তাৰ স্বাস্থ্য অধিক বিপজ্জনক হৈ পৰিছে।" কিন্তু তালা বিচলিত হোৱা নাই। যুৱতীগৰাকীৰ চকুত এক বিশ্বাসৰ ৰেঙণি উজ্বলি থকা দেখা পোৱা যায়। তালাৰ এই বিশ্বাস নেদেখাজনৰ প্ৰতি। তালাই জানে, তেওঁ ভাগি পৰিয়ালে তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালটোৰ আন সদস্যসকলো ভাগি পৰিব।
যুদ্ধবিধ্বস্ত গাজা এৰাৰ আশাত সন্তানৰ সৈতে তালা, ফটোঃ বিবিচি
তালাই কয়, "আমি কেৱল জীয়াই থাকিবলৈ চেষ্টা কৰিছো। আমি জীয়াই থাকিম নে নাই নাজানো কিন্তু আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আমি জীয়াই থাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম কাৰণ মই ২৪ বছৰ বয়সতে মৰিব নিবিচাৰো।"
কিন্তু ৰাফাহ ক্ৰছিং হৈছে এনে এখন ঠাই য’ত ভাগ্য শব্দৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে। যাত্ৰাপথত বোমা বিস্ফোৰণৰ পৰা প্ৰাণৰক্ষা কৰি আপুনি সেই স্থানত উপস্থিত হৈ ভাগ্যক ধন্যবাদ দিয়াৰ সময়তে হয়তো আপোনাৰ প্ৰাণ কাঢ়ি লৈ যাব পাৰে ভোক কিম্বা পিয়াহে। তথাপিও তালাৰ দৰে বহু পেলেষ্টাইনীয়ে এতিয়া ভাগ্য পৰীক্ষাৰ বাবে ৰাফাহ ক্ৰছিঙত অপেক্ষা কৰিছে। সীমান্ত খুলি দিলেই ইজিপ্তত প্ৰৱেশ কৰি যুদ্ধৰ বিভীষিকাৰ পৰা পৰিত্ৰাণ পোৱাৰ সপোন দেখিছে।
২২ লাখ জনতা আৰু এটা সৰু আশা
প্ৰায় এমাহজোৰা বিভীষিকাময় পৰিস্থিতিত যদি আপুনি বোমা বিস্ফোৰণত এতিয়ালৈকে আঘাতপ্ৰাপ্ত হোৱা নাই অথবা কোনো ৰোগত আক্ৰান্ত হোৱা নাই, তেন্তে আপুনি হয় ক’ব যে আপোনাৰ ভাগ্য ভাল। কিন্তু যদি আপুনি যুদ্ধৰ আতংকৰ পৰা পৰিত্ৰাণ বিচাৰিছে, তেন্তে সঁচাকৈয়ে বৰ বেয়া আপোনাৰ ভাগ্য। কিয়নো সীমান্ত কেৱল খুলি দিয়া হ’ব বিদেশী পাছপ’ৰ্ট থকা, অসুস্থ আৰু আহতসকলৰ বাবেহে। অৰ্থাৎ যিসকল লোক যুদ্ধত আহত আৰু অসুস্থ নহয় অথবা যিসকলৰ হাতত বিদেশী পাছপ’ৰ্ট নাই, পৰিয়ালৰ তেনে সদস্য, আপোনজনকো আপুনি গাজাত অব্যাহত থকা নৰসংহাৰৰ মাজতে এৰি থৈ যাব লাগিব!
উল্লখ্য যে, গাজাত ২২ লাখ লোকে বাস কৰে। তাৰ ভিতৰত মাত্ৰ এমুঠিমান ভাগ্যৱান ব্যক্তিয়েহে যুদ্ধৰ পৰা আঁতৰি থকাৰ সুযোগ লাভ কৰিব। সেয়েহে যুদ্ধৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ পোৱা আনন্দৰ মাজতে এতিয়া বহুতৰে চকুত বিৰিঙি ৰৈছে আপোনজনক এৰি থৈ যোৱাৰ বিষাদ।
অষ্ট্ৰেলিয়াৰ নাগৰিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা মোনাৰ হাতত বিদেশী পাছপ’ৰ্ট আছে। সেয়ে তেওঁ ভাগ্যবান। অন্য বহুতৰ দৰে তেওঁৱো গাজা এৰি যোৱাৰ সুযোগ পাইছে। কিন্তু এই আনন্দৰ খবৰৰ মাজতে মোনা বাৰে বাৰে উচুপি উঠিছে। কিয়নো তেওঁৰ আপোন মানুহবোৰ যে ইয়াতেই আছে!
মোনাই কয়, "মই মুঠেও সুখী নহয়। মই মোৰ কলিজাৰ এফাল এৰি থৈ যাবলগীয়া হৈছে। মোৰ ভাই-ভনী, মোৰ পৰিয়াল সকলোকে মই ইয়াতেই থৈ যাব লাগিব। ভগৱানৰ কৃপা থাকিলে তেওঁলোক সকলো নিৰাপদ হ'ব। কিন্তু বৰ্তমান ইয়াৰ পৰিস্থিতি অতি বেয়া।"
ৰাফাহ ক্ৰছিঙৰ গাজাৰ ফালৰ দেৱালত কিছুমান পেপাৰ আঁৰি থোৱা হৈছে। একাংশ পুৰুষে সেই পেপাৰবোৰলৈ চাই ৰৈছে, তাত লিখা থকা নামবোৰৰ ওপৰেৰে লাহে লাহে পাৰ হৈ গৈছে তেওঁলোকৰ আঙুলি। দৰাচলতে এইসকল সেই ভাগ্যৱান লোকৰ নাম, যিসকলে সীমান্ত পাৰ হোৱাৰ অনুমতি লাভ কৰিছে। বহু পৰিয়াল অপেক্ষা গৃহৰ প্লাষ্টিকৰ চকীত বহি সময় অহালৈ বাট চাইছে। ৰাফাহ ক্ৰছিঙৰ সৰু ঠাই টুকুৰাত হাজাৰ হাজাৰ আশাই কলৰৱ তুলিছে।
বুধবাৰে মুঠ ৪০০ বিদেশী নাগৰিক আৰু অসুস্থ আৰু আহত লোকক গাজা এৰি ইজিপ্তত প্ৰৱেশ কৰিবলৈ দিয়া হয়। কিন্তু সন্ধিয়ালৈকে স্পষ্ট হৈ পৰিছিল যে তালা আবু নাহালেহৰ পৰিয়ালৰ নাম এই লোকসকলৰ মাজত নাই। তালাৰ পৰিয়ালটো আকৌ এবাৰ নিজৰ এপাৰ্টমেণ্টলৈ উভতি আহিবলগীয়া হয়।
তালিকাত নিজৰ নাম বিচাৰিছে গাজা এৰিব খোজা লোকসকলে
বিদ্যুতহীন আন্ধাৰ আৰু বিৱৰ্ণ এপাৰ্টমেণ্টত এটাত থাকে তালাৰ পৰিয়াল। তাৰ পৰাই ২৪ বৰ্ষীয় যুৱতীগৰাকীয়ে সংবাদ সংস্থা বিবিচিলৈ প্ৰেৰণ কৰিছিল এটা ভিডিঅ’ মেছেজ। তাত তেওঁ অসহায় অনুভৱ কৰাৰ কথা কৈছিল, শেতা পৰি যোৱা তালাৰ মুখমণ্ডলত দৃশ্যমান হৈ পৰিছিল ভাগৰ আৰু ভয়ৰ চাপ।
তালাই ভিডিঅ’ মেছেজটোত কৈছিল, "আমি ঘৰ পালোঁ। বিজুলী নাই, খাদ্য নাই, পৰিষ্কাৰ পানী নাই। মোৰ ভাইটিৰ হাতত মাত্ৰ এদিনৰ ঔষধ বাকী আছে। আৰু আমি এতিয়াও ইয়াত আছো। ইতিমধ্যে ৰাতি হৈছে। মই নাজানো কাইলৈ সীমান্ত পাৰ হোৱাৰ সুযোগ পাম নে নাপাম। কিন্তু মই আশা এৰি দিয়া নাই...!"
এই যুদ্ধৰ শেষ নাই!
ইজৰাইল আৰু হামাছৰ সংঘাতে আজি জীৱন্ত নৰকলৈ ৰূপান্তৰিত কৰিছে গাজাক। গাজাৰ বুকুত ইজৰাইলৰ আক্ৰমণৰ পিছত বাৰুদৰ ধোৱা আৰু ধ্বংসস্তূপৰ মাজত প্ৰতিনিয়ত আতংকৰ জীৱন পাৰ কৰিবলগীয়া হৈছে ২২ লাখ লোকে! মৌলিক সেৱা আৰু নাগৰিক ব্যৱস্থাৰ পতনৰ ফলত বিভীষিকা নামিছে গাজালৈ!
গাজা ষ্ট্ৰিপৰ পৰা হামাছে ইজৰাইলক হতভম্ব কৰি ১৪০০ৰো অধিক লোকক হত্যা কৰাৰ লগতে কমেও ২৩৯জনক পণবন্দী কৰি লোৱাৰ পিছতে ইজৰাইলে ৭ অক্টোবৰত ব্যাপক আক্ৰমণ চলাইছিল গাজাত। হামাছৰ সামৰিক আৰু শাসন ক্ষমতা ধ্বংস কৰাৰ লগতে পণবন্দীসকলক মুক্ত কৰাৰ উদ্দেশ্যে এই আক্ৰমণ সংঘটিত কৰা বুলি মন্তব্য কৰে ইজৰাইলে।
প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।
Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!
তাৰ পিছৰে পৰা ইজৰাইলে গাজাত অব্যাহত ৰাখিছে শ শ বিমান আক্ৰমণ। আক্ৰমণত তচনচ হৈছে হামাছৰ আত্মগোপন স্থান, কমাণ্ড চেণ্টাৰ, সুৰংগ, ৰকেট লঞ্চাৰ, অসামৰিক আন্তঃগাঁথনি, বিদ্যালয়, হাস্পতাল সকলোবোৰ। গাজা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি গাজাত ইজৰাইলৰ আক্ৰমণত ৪ হাজাৰৰো অধিক শিশু আৰু মহিলাসহ ৮৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইল চৰকাৰে দাবী কৰা মতে, যুদ্ধৰ সময়ত প্ৰায় ১৫০০ হামাছ সন্ত্ৰাসবাদী নিহত হৈছে।
হামাছে কৰা এটা ভুলৰ পৰিণামত আজি বিধ্বস্ত হৈ পৰিছে গাজা। নাই খাদ্য, নাই পানী, নাই ঔষধ আৰু ইন্ধন। ধাৰাবাহিকভাৱে সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ফলত ঘৰৰ ভিতৰতে বন্দী হৈ পৰিছে গাজাৰ ২২ লাখ লোক। বিদ্যুতৰ অভাৱত অন্ধকাৰত ডুব গৈছে প্ৰায় দুই তৃতীয়াংশ গাজা। সংযুক্ত ৰাষ্ট্ৰ আৰু কেইবাটাও সহায়ক এজেন্সীয়ে ইতিমধ্যেই সতৰ্কবাণী জাৰি কৰা মতে, এতিয়া আৰু গাজাত সুৰক্ষিত স্থান বুলি কোনো ঠাই নাই! এনে পৰিস্থিতিত এতিয়া গাজাৰ বাসিন্দাৰ বাবে একমাত্ৰ উপায় হৈছে সীমান্ত পাৰ হৈ ইজিপ্তত প্ৰৱেশ কৰি যুদ্ধৰ পৰা পৰিত্ৰাণ লাভ কৰা।
এতিয়া আৰু সুৰক্ষিত বুলি কোনো ঠাই নাই গাজাত!
গাজাৰ বতাহত এতিয়া মৃত্যুৰ কিৰিলি। আকাশত বিভীষিকাৰ ধোঁৱা। এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ এটুকুৰা সুৰক্ষিত স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে গাজাবাসীয়ে। ইজৰাইলী মিছাইল আক্ৰমণত তাছপাতৰ দৰে খহিছে অট্টালিকা, হাস্পতালতো সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত হৈছে আল্লাহৰ ঘৰ।
যুদ্ধৰ আৰম্ভণিৰ সময়তে ইজৰাইলী সেনাই উত্তৰ গাজাবাসীক দক্ষিণ গাজাত আশ্ৰয় গ্ৰহণ কৰিবলৈ সতৰ্ক কৰি দিছিল। আকাশ মাৰ্গৰ পৰা কাগজ পেলাই, আৰৱী ভাষাত সামাজিক মাধ্যমত পোষ্ট কৰি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জৰিয়তে গাজাবাসীক এই সতৰ্কবাণী জাৰি কৰিছিল ইজৰাইলে। কিন্তু উত্তৰ প্ৰান্তৰ গাজাবাসীয়ে দক্ষিণ প্ৰান্তত আশ্ৰয় গ্ৰহণ কৰাৰ কিছুদিনৰ পিছতে দক্ষিণ প্ৰান্তত সুৰক্ষিত বুলি দাবী কৰা ঠাইসমূহো মিছাইল আক্ৰমণেৰে ধ্বংস কৰি পেলায় ইজৰাইলী সেনাই।
দক্ষিণ প্ৰান্তৰ খান ইউনিছ, ৰাফাহ, চেণ্ট্ৰেল গাজা কেম্প আদি সকলো সুৰক্ষিত বুলি দাবী কৰা স্থানতেই সংঘটিত হয় ইটোৰ পিছত সিটো আক্ৰমণৰ ঘটনা। পৰিণতিত অৱশেষত সংযুক্ত ৰাষ্ট্ৰ আৰু অন্য সহযোগী সংস্থাই হস্তক্ষেপ কৰি গাজাত এতিয়া আৰু কোনো সুৰক্ষিত স্থান নাই বুলি নাগৰিকক সতৰ্ক কৰি দিবলগীয়া হয়।
ইফালে ইজৰাইল-হামাছৰ যুদ্ধৰ উকমুকনিয়ে যেন দুৰ্যোগ নমাই আনিছিল গাজাৰ বাসিন্দাসকললৈ। সেই সময়তে গাজাৰ পৰা গৈ ইজৰাইল আৰু ইজৰাইল অধিকৃত পশ্চিম প্ৰান্তত কাম কৰি থকা সহস্ৰাধিক পেলেষ্টাইনী শ্ৰমিকক গাজালৈ বিতাড়ণ কৰা হৈছিল। ইজৰাইল কৰ্তৃপক্ষই শ্ৰমিকসকলক আটক কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন হৈছিল। তাৰ পিছতে কেৰেম শ্বালম ক্ৰছিঙৰ মাজেৰে গাজালৈ ঘূৰাই পঠিওৱা হৈছিল শ্ৰমিকসকলক।