ডিজিটেল ডেস্কঃ ২০১৯ চন তথা লোকসভা নিৰ্বাচন অহাৰ লগে লগে ৰাম মন্দিৰক লৈ আকৌ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ৰাম মন্দিৰৰ নিৰ্মাণক কেন্দ্ৰ কৰি আকৌ গৰম হৈছে দেশৰ ৰাজনীতি৷ শাসকীয় দলৰ নেতা-কৰ্মীয়ে ক্ৰেডিট লবলৈ উঠি পৰি লাগিছে ৰাম মন্দিৰৰ কথা পুনৰ প্ৰচাৰ কৰি৷ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত চিয়াৰ দৰে চুন্নী সকলোকে আগুৱাই আহিবলৈ কয়৷

এখন কবি সন্মিলনত অংশ লৈ চিয়াই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা বাবে সমৰ্থন কৰাৰ দৰে চুন্নী সকলোৱেও সমৰ্থন দিব বুলি আশা প্ৰকাশ কৰে৷ উত্তৰ প্ৰদেশ চিয়া ৱাকাৰ্ফ বৰ্ডৰ অধ্যক্ষ ৱাচিম ৰিজৱীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধ কৰাসকলক পাকিস্তান নতুবা বাংলাদেশলৈ গুচি যাব লাগে বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল৷

যোৱা বৰ্ষৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশ চিয়া বৰ্ডৰ কেন্দ্ৰীয় সমিতিয়ে অযোধ্যাৰ বিবাদিত স্থানত মন্দিৰ আৰু লক্ষ্নৌত মছজিদ নিৰ্মাণৰ পোষকতা কৰি ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ বছৰ বছৰ ধৰি চলি থকা গোচৰৰ নিষ্পত্তি কৰিবৰ বাবে এই প্ৰস্তাৱ আগবঢ়াইছিল চিয়া ৱাকফ বৰ্ডে৷ ৰাম মন্দিৰৰ লগতে দেশৰ জনসংখ্যা বৃদ্ধি ডাঙৰ সমস্যা বুলি কয় গিৰিৰাজ সিঙে৷ জন্ম নিয়ন্ত্ৰণ কৰি পানী আৰু ভূমিৰ ব্যৱহাৰ যাতে কম কৰিব তাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়৷