গোৱালপাৰাঃ গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলােৱাত ব্যাপক সমস্যাত পৰিছে ৰাইজ।
গোৱালপাৰা চহৰৰ সমীপৱৰ্তী নামাপৰা, নতুন বস্তি, বলদমাৰী চৰ আদিত বানপানীয়ে হাহাকাৰৰ সৃষ্টি কৰিছে। বানপীড়িত পৰিয়ালবোৰে ইতিমধ্যে ওখ ঠাইত আশ্ৰয় লৈ আছে।
গোৱাৰপাৰাৰ জলেশ্বৰ সমষ্টিৰ বিভিন্ন ঠাইতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। সমষ্টিটোৰ চৰাঞ্চল কদমতলা, সাতচিমলা, টাৰীয়াৰ ভিটা, থুৰথুৰী, বাতাপৰা, টাংভিটা, টাকিমাৰী আদি কৰি প্ৰায় কুৰিখন ৰাজহ গাঁও বানপানীৰ কবলত পৰিছে।
ইয়াৰ মাজতে মঙলবাৰে আবেলি বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বান পৰিস্থিতিৰ বুজ ল'বলৈ গোৱালপাৰাত উপস্থিত হয়।
মন্ত্ৰী গৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ লগতে গোৱালপাৰা চহৰৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে৷