প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগত শুকুৰবাৰে নিশা পুনৰ নামি আহিল প্ৰকৃতিৰ দুৰ্যোগ৷ ৰাজ্যখনৰ কেইবাখনো জিলাত শুকুৰবাৰে নিশা নামি অহা ধৰাসাৰ বৃষ্টি আৰু বজ্ৰপাতত ৯ গৰাকী লোক নিহত হয়৷ 

আনাহাতে ৰাজ্যখনত কেইবা ঠাইতো পকী দেৱাল খহি পৰি ১২ জনতকৈও অধিক লোক গুৰুতৰ ভাৱে আহত হয়৷ বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰেও ৰাজ্যখনত প্ৰৱল বৰ্ষাপাত সম্ভাৱনা প্ৰকাশ কৰিছে৷

বৃহস্পতিবাৰে দুপৰীয়াৰ সময়তো পশ্চিম বংগৰ কেইবাখনো জিলাত প্ৰৱল ধুমুহা-বৰষুণৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু ঘটিছিল৷ বীৰভূমিত বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে হাওৰা আৰু দক্ষিণ ২৪ পৰগনাতো ২ জন লোক বজ্ৰপাতৰ ফলত নিহত হৈছিল৷

ইফালে শুকুৰবাৰৰ ধাৰাসাৰ বৃষ্টি আৰু বজ্ৰপাতৰ ফলত ৰাজ্যখনৰ পূৱ বৰ্ধমানৰ কাটোয়া আৰু মঙলকোটে দুগৰাকী লোক নিহত হয়৷ দুৰ্যোগত আহত সকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷