গুৱাহাটীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ফাইনেলত প্ৰৱেশ অসমৰ দৌৰৰ ৰাণীয়ে৷ পূৰ্বে অনুমান কৰা মতেই কমনৱেলথ গেমছৰ ৪০০ মিটাৰ দৌৰত ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে৷ হিমাই মাথো ৫১.৫৩ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে৷

হিমাৰ এই ৰেকৰ্ড গঢ়ে দেশৰ বাবে৷ হিমাৰ পূৰ্বে কোনো ভাৰতীয় খেলুৱৈ ইমান কম সময়ৰ ভিতৰত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা নাছিল৷ এয়া এক অন্যান্য সফলতা দেশৰ বাবে আৰু অসমীয়া জাতিৰ বাবে৷

নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাসৰ সফলতাত আনন্দিত হৈ পৰিছে নগাঁও জিলাবাসী৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ 

অসম সন্তানৰ সফলতাত প্ৰতিগৰাকী অসমীয়া আনন্দিত হৈ পৰিছে৷ খেলুৱৈগৰাকীয়ে দেশ তথা অসমৰ মান-অভিমানক বিশ্বৰ বুকুত উজলাই তুলিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে বুলি কয় কেইবাগাৰকী ক্ৰীড়া অনুৰাগীয়ে। হিমা দাস ইতিমধ্যে অসমৰ দৌৰৰ ৰাণী ৰূপে পৰিচিত৷

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও মেডেল আজুৰি আনিছে হিমাই৷ কিন্তু হিমাই ইমানতে তেওঁৰ যাত্ৰাৰ অন্ত পেলাব খোজা নাই৷ অতি দৰিদ্ৰ পৰিয়ালৰ আৰু অসমৰ এখন পিছপৰা গাঁৱৰ হিমাই নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইভেন্টত অংশ লোৱাৰ সুযোগ লাভ কৰে৷ 

ৰাজ্যৰ এগৰাকী খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশ লোৱাৰ সুযোগ লাভ কৰাত অসমৰ ক্ৰীড়া অনুৰাগী আনন্দিত হৈ পৰে৷ স্প্ৰীণ্টাৰ হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰে।

যোগ্যতাৰ প্ৰাৰম্ভিক পৰ্যায় অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে সোমবাৰে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে হিমাই ফাইনেলত প্ৰহেশ কৰে। কাইলৈ অনুষ্ঠিত হ’ব চূড়ান্ত দৌৰ৷ 

এইবাৰ দেশ-দেশৰ মিডিয়াৰ নজৰলৈ আহে হিমা। হিমাৰ প্ৰদৰ্শনত উৎফুল্লিত দেশৰ ক্ৰীড়াপ্ৰেমী। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে।