newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা ব্ৰহ্মচ নামৰ শব্দতকৈও বেগী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষামূলক উৎক্ষেপণ কৰে ভাৰতে৷ উৰিষ্যাৰ উপকূলৰ পৰা সফল উৎক্ষেপন কৰি ভাৰতৰ সামৰিক বাহিনীক অধিক শক্তিশালী কৰাত ব্ৰহ্মচে সহায় কৰিব বুলি ভাৰতীয় সেনাৰ ডিআৰডিঅ’ৰ তৰফৰ পৰা এক বিবৃতিযোগে জনোৱা হয়৷

ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা ব্ৰহ্মচ পৃথিৱীৰ আটাইতকৈ দ্ৰুতগামী ক্ষেপণাস্তৰ হিচাপে পৰিচিতি লাভ কৰিছে৷ শব্দৰ বেগতকৈ প্ৰায় ৩ গুণ অধিক দ্ৰুতগামী ব্ৰহ্মচ নামৰ ক্ষেপণাস্ত্ৰবিধৰ নাম ভাৰতৰ বিশাল নদী ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মচকভা নদীৰ নামেৰে কৰা হৈছে৷

প্ৰাথমিক ভাৱে ব্ৰহ্মচ ২৯০ কিলোমিটাৰৰ ক্ষেপণাস্ত্ৰ আছিল৷ কিন্তু আন্তৰ্জাতিক নিয়ম শিথিল হোৱাত বৰ্তমান ব্ৰহ্মচৰ গতি ৪০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে৷ 

আনহাতে সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় স্থল আৰু নৌ সেনাৰ হাতত ব্ৰহ্মচক অৰ্পণ কৰা হৈছে৷ তদুপৰি দেশৰ সুৰক্ষাৰ স্বাৰ্থত বায়ুসেনাৰ হাততো এই ক্ষেপণাস্ত্ৰবিধ অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইচ্ছা প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে