ডিজিটেল ডেস্কঃ বাবৰি মছজিদ বিতৰ্কই দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শপত লোৱা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ মহানিৰ্দেশক আই পি এছ সূৰ্য কুমাৰ শুক্লাই কেইবাগৰাকী লোকৰ সৈতে শপত লোৱা ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগতে দেশৰ সংবাদ মাধ্যমত ঠাই পাই এই খবৰে৷

আনহাতে আইপিএছ শুক্লাই ভিডিঅ’টো সম্পাদনা কৰি প্ৰচাৰেৰে তেওঁৰ সামাজিক ভাবমূর্তি বিনষ্ট কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে৷ লক্ষ্নৌ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এটি অনুষ্ঠানত আই পি এছ গৰাকীয়ে শপত লোৱা বুলি প্ৰচাৰ হৈছে৷ অনুষ্ঠানটোত সকলোৱে হাত দাঙি ৰাম মন্দিৰ বনোৱাৰ সংকল্প লয়। ভিডিঅ’টোত সকলোৱে-আমি ৰামৰ ভক্তই সোনকালে ৰাম মন্দিৰ নিৰ্মাণ কৰিম বুলি কোৱা শুনা যায়।

কোনোৱে সংবিধান উলংঘা তাৰ প্ৰতি ব্যৱস্থা লোৱা হ’ব বুলি কয় শাসকীয় দলে। আনহাতে, একাংশ লোকে প্ৰশাসনৰ গুৰুত্ব পূৰ্ণ পদবীত থাকি এনে মন্তব্য কৰিলে শোভা নাপায় বুলি কয়। অযোধ্যাত ৰাম মন্দিৰ আৰু মছজিদ বনালে সকলো বিবাদৰ অন্ত পৰিব আৰু সকলোৱে সুখ-শান্তিৰে থাকিব পাৰিব বুলি কৈ উচ্চতম ন্যায়ালয়ে আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ অন্ত পেলোৱাৰ পোষকতা কৰে একাংশ লোকে৷