ডিজিটেল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিয়ে বছৰত ২ কোটি নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কেৱল ইমানে নহয় শাসনলৈ আহিলে সকলো খালি পদ পূৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ তেনে ধৰণৰ অলেখ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি দল৷ কিন্তু শাসনলৈ অহাৰ পিছত সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ পুনৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেবোৰ প্ৰতিশ্ৰুতিৰ কথা এতিয়া আলোচনা হ’ব ধৰিছে দেশত৷
২০১৪ চনৰ পৰা চৰকাৰ চলাই থকা বিজেপি দলে ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিবৰ হ’ল যদিও ২ কোটি চৰকাৰী চাকৰি দিব খোজা নৰেন্দ্ৰ মোদীয়ে ২ লাখ চাকৰিও দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৪ বছৰ কাৰ্কাল সমাপ্ত হোৱা চৰকাৰ খনে দেশত খালি পদ কিমান আছে সেয়াও স্পষ্ট নহয়৷ চৰকাৰ গঠন কৰাৰ পিছত লাভ জেহাদ, গো-ৰক্ষাৰ নামত ৰাজনীতি আৰম্ভ হোৱা চৰকাৰ খনৰ কাৰ্যকালত চাকৰী দিয়াৰ নামত নিবনুৱাক ৰামঠগন দিয়াহে দেখা গৈছে৷
পদ পূৰণৰ বাবে বিজ্ঞাপন দি কেইবাটাও বিভাগে আজিলৈ পৰীক্ষা অনুষ্ঠিত কৰা দেখা নগ’ল৷ অনলাইন আৱদেন কৰা নিবনুৱাসকলে ফলত হাহাকাৰ কৰিব লগা হৈছে৷ শেহতীয়াকৈ দেশত খালি পদৰ সংখ্যা কিমান তাকলৈ চৰ্চা আৰম্ভ হৈছে। চৰকাৰে ১৬ জানুৱাৰীত বিভিন্ন বিভাগত খালী হৈ থকা পদৰ সংখ্যা কিমান তাৰ প্ৰতিবেদন বিচাৰি জৰুৰী নিৰ্দেশ দিয়ে বিভাগসমূহক। তাৰ জৰিয়তে পৰ্মাণ হয় চৰকাৰে এতিয়ালৈকে খালী পদৰ সংখ্যা কিমান সেই কথা অৱগত নহয়৷
বিষয়টোক লৈ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকল চৰম হতাশাত ভুগিব লগা হৈছে। ৩০ জানুৱাৰীত উত্তৰ প্ৰদেশৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত প্ৰত্যক্ষ নিয়োগ কৰাৰ কথা আছিল যদিও দিন সলনি কৰে চৰকাৰে। বিভিন্ন ৰাজ্য তথা কেন্দ্ৰৰ বিভিন্ন পদবীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিজ্ঞাপন দিও পৰীক্ষা স্থগিত ৰখা দেখা যায়৷ অনলাইন যোগে দেশৰ নিবনুৱাই আৱেদন কৰাৰ পিছতো পৰীক্ষা অনুষ্ঠিত নোহোৱাত নিবনুৱাৰ মাজত চিন্তা বৃদ্ধি হৈছে।
চৰকাৰী তথ্য মতে ১ মাৰ্চ ২০১৬ লৈ গ্ৰুপ এ-১৫,২৮৪ আৰু গ্ৰুপ বি-৪৯,৭৪০টাকৈ খালী পদ আছে। গ্ৰুপ চিত লাখ লাখ পদ খালি হৈ আছে বুলি জানিব পৰা গৈছে। দেশৰ নিবনুৱাসকলক সকলো দলে কৰ্ম সংস্থাপন দিয়াৰ কথা কয় যদিও চৰকাৰ গঠন কৰাৰ পিছত গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷ এয়া দেশৰ বাবে শুভ লক্ষণ নহয়। তাৰ পৰিবৰ্তে নেতাসকলে সাম্প্ৰদায়ীক মন্তব্যৰে কাজিয়া লগাই নিকৃষ্ট ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। খাদী-গাম্যদ্যোগ আয়োগত ৩০০ পদ ওলাইছিল আৰু ১২০০ টকা আৱেদন মাচুল দি আৱেদন কৰাৰ পিছতো আজিলৈকে পৰীক্ষা অনুষ্ঠিত নোহোৱাত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে যুৱ প্ৰজন্মৰ মাজত৷।