কালুগাঁওঃ শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত শলগুৰি মৌজাৰ কালুগাঁওস্থিত কালুগাঁও মছজিদত যোৱা নিশা চোৰ প্ৰবেশ কৰি মছজিদত থকা প্ৰায় ২৫হাজাৰ টকাৰ আহুজা কোম্পানীৰ মাইকছেটটো চুৰি কৰি নিয়াৰ লগতে মছজিদৰ ভিতৰৰ বহু আচবাব লণ্ডভণ্ড কৰে।
প্ৰাপ্ত খবৰ অনুসৰি সেই মছজিদতে থকা মৌলবী গৰাকীয়ে পুৱাৰ নামাজৰ পূৰ্বে আজান দিবলৈ লওতেই সমগ্র ঘটনাটো পোহৰলৈ আহে। লগেলগে মৌলবীয়ে কথাটো ৰাইজক অৱগত কৰে।
মছজিদৰ চৌহদতে মৌলবীজন থাকে যদিও যোৱা নিশা হোৱা প্ৰৱল বৰষুণৰ সুযোগ চোৰে গ্ৰহণ কৰাৰ বাবে মৌলবীনেজনে এই সন্দৰ্ভত অলপো গম নাপালে।
ইতিমধ্যে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত জয়সাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত চলাইছে যদিও চোৰৰ সম্ভেদ উলিয়াব পৰা নাই।
উল্লেখ্য যে, বিগত দুটা মাহৰ ভিতৰতে অঞ্চলটোত কেইবাটাও চুৰি কাণ্ড সংঘটিত হৈছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত এটাও চোৰ ধৰিবলৈ সক্ষম হোৱা নাই।
ইফালে, অঞ্চলটোত হৈ থকা এনেধৰণৰ ঘটনাৰ বাবে সমগ্র শলগুৰি মৌজাৰ বিভিন্ন স্থানত চলি থকা নিৰ্মাণ কাৰ্য আৰু কিছুমান ব্যৱসায় প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা একাংশ সন্দেহযুক্ত নাগৰিকৰ ওপৰতো স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।