কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাজুম গাঁৱৰ তিনিজন যুৱকক আজি বিয়লি গাৱখনৰে এটা পৰিয়ালত কোনো নথকাৰ সুযোগ লৈ ড্ৰাগছ সেৱন কৰি থকা অবস্থাত স্থানীয় একাংশ মহিলাই হাতে-লোটে ধৰি উত্তম-মধ্যম শোধায় কাকপথাৰ আৰক্ষীক গতাই দিয়ে।

মহিলাসকলে গাঁৱখনৰে মাইনু নেওগ নামৰ মহিলাগৰাকীকো ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত ধৰি আনি আৰক্ষীক গতাই দিয়াে। ইয়াৰ পিছতে অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱা মাৰাত্মক ড্ৰাগছ, কানি, ভাং, মদৰ দৰে অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ আৰক্ষীক দাৱী জনাই কাকপথাৰ আৰক্ষী থানা ঘেৰাও কৰে।

অবৈধ কাৰ্যকলাপসমূহ আৰক্ষীয়ে উৎকোচৰ বিনিময়ত চলাই যাবলৈ উদগনি জনোৱা বুলিও ক্ষোভিত মহিলাসকলে সাংবাদিকক জনায়। এই অবৈধ ব্যবসায়ৰ বিৰুদ্ধে পূৰ্বতেও একাধিকবাৰ অভিযোগ দিয়া সত্বেও আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও লোৱা বুলিও অভিযোগ তোলে মহিলাসকলে।

বাতৰি লিখা পৰ্যন্ত মহিলাসকলে মুখ্য ড্ৰাগছ সৰবৰাহকাৰী ললিত, প্ৰণৱ আৰু দেৱক আটক নকৰা পৰ্যন্ত আৰক্ষীৰ বিৰুদ্ধে থানা ঘেৰাও কাৰ্যসূচী চলাই যোৱাৰ হুংকাৰ দিছে। উল্লেখ্য যে আটক কৰা আসক্ত যুৱক কেইজন হৈছে ক্ৰমে লাজুম গাৱৰ ৰুবুল নেওগ, মাধৱ নেওগ আৰু ডিৰাক লাংফাই গাৱৰ মিমু মহন্ত।