ৰঙিয়াঃ অৱশেষত আৰক্ষীাৰ জালত পৰিল ৰঙিয়াৰ চাঞ্চল্যকৰ ধন লুটৰ ঘটনাৰ দুৰ্ধৰ্ষ ডকাইত মকবুল আলী।ৰঙিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই দেওবাৰে পুৱা অপৰাধীজনক গ্ৰেপ্তাৰ কৰে।
ধৃত ডকাইতটোৱে শুকুৰবাৰে ৪ সহযোগীৰ সৈতে ৰঙিয়াৰ গোপালপুৰত জনলক্ষ্মী ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী মাইনুদ্দিন আলীক আক্ৰমণ কৰি লক্ষাধিক টকাৰ ধন লুট কৰি নিছিল।
♦ গেৰেজৰ তলা ভাঙি নিলে বলেৰ' পিক আপ ভান
চিনেমাৰ কায়দাৰে দুৰ্বৃত্তৰ দলটোৱে ধন লুটি নিয়া ঘটনাক লৈ সমগ্ৰ চহৰখনতে সৃষ্টি হৈছিল তীব্র চাঞ্চল্যৰ। ইয়াৰ পিছতে আৰক্ষীয়ে দলটোক কৰিবলৈ অভিযান আৰম্ভ কৰে।
এক সূত্ৰৰ নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইত মকবুলক দেওবাৰে নিজ গাঁও দদোতিয়াৰ পৰা কৰায়ত্ত কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও হাইৱে' ডকাইতি, ধন লুটৰ দৰে ঘটনাত একাধিকবাৰ কাৰাবাস খাটিছে ধৃত ডকাইতজনে। আৰক্ষীয়ে মকবুলৰ বাকীকেইজন সহযোগীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
আৰক্ষীৰ এনে অভিযানৰ মাজতে, ৰঙিয়াৰ উদিয়ানাত আজি পুৱতি নিশা সংঘটিত হয় আন এক চুৰি কাণ্ড। প্ৰাপ্ত বাতৰি মতে, চাইদুল আলী নামৰ লোক এজনৰ গেৰেজৰ পৰা চোৰে তলা ভাঙি চুৰি কৰি নিয়ে AS 25 BC 6420 নম্বৰৰ বলেৰ' পিক আপ ভান এখন।
ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত চাইদুলে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই বলেৰ' পিক আপ ভেনখনৰ ।