গুৱাহাটীঃ এক লাখ চৈধ্য হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ জীৱন-জীৱিকা সংকটৰ মুখলৈ ঠেলি মধ্যাহ্ন ভোজন আঁচনি অক্ষয় পাত্ৰ ফাউণ্ডেচনলৈ হস্তান্তৰৰ প্ৰতিবাদ জনাই সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কৰ্মচাৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ 

উল্লেখ্য যে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ৯৭ শতাংশই মহিলা আৰু ইয়াৰ সৰহ সংখ্যকেই বিধৱা আৰু আবিয়ৈ মহিলা। আনহাতে, মধ্যাহ্ন ভোজন আঁচনিৰ আওতাত থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গৰিষ্ঠ সংখ্যক দুখীয়া পৰিয়ালৰ। 

তৎসত্ত্বেও জনদৰদী চৰকাৰৰ ভাও লোৱা চৰকাৰে প্ৰাথমিক শিক্ষাৰ মধ্যাহ্ন ভোজন আঁচনিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এইসকল কৰ্মচাৰীৰ প্ৰতি চৰম বঞ্চনাৰে ২০০৫ চনৰ পৰা ২০০৯ চনলৈ বিনা পাৰিতোষিকত আৰু ২০০৯ চনৰ পৰা নাম মাত্ৰ ১০০০ টকা পাৰিশ্ৰমিকেৰে খটুৱাই আহিছে। 

যিসময়ত দেশৰ অন্য ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা ৫০০০ টকা তেনেস্থলত ৰাজ্য চৰকাৰে মাত্ৰ ১০০০ টকাত খটুৱাই থকাতো চূড়ান্ত অৱমাননা সূচক বুলি অভিহিত কৰিছে সন্থাই।

সন্থাৰ দাবীসমূহঃ 

  1. মধ্যাহ্ন ভোজন আঁচনি অক্ষয় পাত্ৰ ফাউণ্ডেচনলৈ হস্তান্তৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ  
  2. অন্যান্য ৰাজ্য চৰকাৰৰ দৰে অসম চৰকাৰেও ৰন্ধন কৰ্মীক অতিৰিক্ত মাননি দিয়াৰ ব্যৱস্থা কৰা
  3. বছৰটোৰ বাৰ মাহেই মাননি দিয়াৰ ব্যৱস্থা কৰা 
  4. মাননি প্ৰদানৰ খেলিমেলি আঁতৰ কৰি মাননি নিয়মীয়াকৰণ আৰু 
  5. অভিযোগ নোহোৱাকৈ নাইবা মিছা অভিযোগত ৰন্ধন কৰ্মীক বিতাড়ন বন্ধ কৰা
শোণিতপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধঃ

বালিপাৰাঃ শোণিতপুৰ জিলা সমিতিয়ে ৰান্ধনী সকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি পথ অৱৰোধ কৰে৷ দিনৰ ‍১২ বজাৰ পৰা এক সমদলযোগে ৰান্ধনীসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় ৷ পাছত ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ কৰে৷ আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি কেইবাঘন্টা পথ অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখে কৰ্মচাৰীসকলে৷ শেষত সন্থাই চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ৫ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

মাকুমত উত্তাল প্ৰতিবাদীঃ ধৰ্ণা আৰু পথ অৱৰোধত স্তব্ধ জনজীৱন

তিনিচুকীয়াঃ তিনিচুকীয়াৰ মাকুমতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, তিনিচুকীয়া জিলা সমিতিয়ে আজি পথ অৱৰোধ আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰে।

ৰাজ্য চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ তিনিচুকীয়া জিলা সমিতিৰ ত্ৰিশ শতাধিক প্ৰতিবাদকাৰীয়ে আজি মাকুমত ধৰ্ণা আৰু পথ অৱৰোধৰ কাৰ্যসূচীৰে জনজীৱন স্তব্ধ কৰি তোলে। 

বিভিন্ন দাবীৰে তিনিচুকীয়া জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভানেত্ৰী মালা ডেকা আৰু সম্পাদক সঞ্জয় বাৰীকৰ যুটীয়া স্বাক্ষৰসহ স্মাৰক পত্ৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়।      

কোকৰাঝাৰতো মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ধৰ্ণা  

কোকৰাঝাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো অসম চৰকাৰে মধ্যহ্নভোজনৰ আচঁনি "অক্ষয়পাত্ৰ ফাউণ্ডেছন" নামৰ ব্যক্তিগত সংন্থাটোক হস্তান্তৰ কৰা সিদ্ধান্তৰ প্ৰতিবাদত আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কোকৰাঝাৰ জিলা সমিতিয়ে  ধৰ্ণা কাৰ্যসূচী ৰূপায়নেৰে পৰিৱেশ  উত্তাল কৰি তোলে৷

উল্লেখ্য যে কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ সমীপত  সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি ৰাতিপুৱা ১১ বজৰা পৰা আৰম্ভ হোৱা ২ ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচীত প্ৰায় ৪ সহস্ৰাধিক মহিলা ৰন্ধন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কোকৰাঝাৰ জিলা সমিতিৰ সভানেত্ৰী চন্দ্ৰাৱতী বসুমতাৰীয়ে নেতৃত্ব দিয়া  ২ ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ পিছতেই ৫ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জড়িয়তে সৰ্বশিক্ষা আচঁনি সঞ্চালকলৈ প্ৰেৰণ কৰে ৷