বিহালীঃ পানীত পৰি মৃত্যু হোৱা বিহালীৰ দুই কিশোৰৰ ঘৰত উপস্থিত হৈ আজি আৰ্থিক সাহায্য প্ৰদান কৰে মন্ত্ৰী ৰঞ্জিৎ দত্তই৷ উল্লেখ্য যে, বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত যোৱা ৮ জুলাইত দুটি ৬ বছৰীয়া শিশুৰ পানীত পৰি মৃত্যু হৈছিল৷

বিহালীৰ ৰৌমাৰী গাঁৱৰ হেমন্ত বৰাৰ পুত্ৰ ৰঞ্জন বৰা আৰু লোহিত বৰাৰ পুত্ৰ পৱিত্র বৰাই পানীত নামি খেলি থাকোতেই সংঘটিত হৈছিল এই অঘটন৷

সন্তানক হেৰুৱাই শোকত ম্ৰিয়মাণ হৈ পৰা পৰিয়াল দুটাৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে জিলা প্ৰশাসন তথা মন্ত্ৰী ৰঞ্জিত দত্তই ৷

বিহালীৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই শোক সন্তপ্ত পৰিয়াল দুটাক সাক্ষাৎ কৰি দুখৰ সমভাগী হোৱাৰ লগতে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে পৰিয়াল দুটাক নগদ ২ লাখ টকাৰ চেক প্ৰদান কৰে৷

মন্ত্ৰী গৰাকীক সংগ দিয়ে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাকে আদি কৰি কেইবাজনো উচ্চ পদস্থ বিষয়াই।