newsnextone|| ডিজিটেল ডেস্কঃ মায়ানগৰী মুম্বাইত আকৌ সংঘটিত হ’ল এক অগ্নিকাণ্ড৷ মুম্বাইৰ পৰেল নামৰ এলেকাত অৱস্থিত ক্ৰিষ্টল টাৱাৰৰ অগ্নি কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চল কপাই তোলাৰ বিষয়ে জানিব পৰা গৈছে৷ বুধবাৰে পুৱা ১৭ মহলাৰ ১২ নম্বৰ ৰেচিডেন্সীৰ ভিতৰত এই অগ্নি কাণ্ড সংঘটিত হয়৷ জুই লগাৰ সময়ছোৱাত বহুলোকে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহে যদিও চাৰিজন লোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে৷

দপদপাই জ্বলি উঠা জুইক নিৰ্বাপিত কৰিবলৈ ২০ খনকৈ অগ্নি নিৰ্বাপক বাহন অহাৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয়৷ আনহাতে ১৬ জনকৈ ব্যক্তি সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাস্থলীৰ পৰা ক্ৰেনৰ দ্বাৰা উদ্ধাৰ কৰি অনাৰ লগতে ৪ জনকৈ লোকৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে৷

উদ্ধাৰ কৰি অনা লোককেইজনক বৰ্তমানে কে.ই.এম.হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰি ৰখা হৈছে৷ সংবাদ মাধ্যম এ.এন.আই-ৰ মতে উশাহ বন্ধ হৈ যোৱাৰ বাবে চাৰিজন লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হয় বুলি কয়৷ মৃত লোককেইজনৰ ভিতৰত এগৰাকী বয়োজেষ্ঠ মহিলা আৰু এজন যুৱকক বৰ্তমানে চিনাক্তকৰণ কৰিব পৰা হৈছে৷

আনদুইজনৰ পৰিচয় বৰ্তমানলৈকেও কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷ এই ঘটনা সংঘটিত হোৱাৰ নিচেই কাষতে হিন্দমাতাৰ চিনেমা গৃহ অৱস্থিত৷ উদ্ধাৰ কৰা ব্যক্তিসকলৰ কোনোধৰণৰ চিন্তনীয় বিষয় নাই বুলি কয়৷ শেহতীয়াকৈ অগ্নি কাণ্ড সংঘটিত হোৱাৰ মূল কাৰণ জানিব পৰা হোৱা নাই ৷ ইলেক্ট্ৰিক চৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড ঘটা বুলি ধাৰণা কৰা হৈছে৷ লগতে বৰ্তমানে আৰক্ষীয়ে ঘটনাৰ তদন্তৰ অব্যাহত ৰাখিছে৷