দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মঙলবাৰে নলবাৰী জিলাত ৰাজ‍্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাণ পৰিস্থিতিৰ বুজ লয়৷ প্ৰথমে নলবাৰীৰ ঘগ্ৰাপাৰত বিপদ সীমাৰে বোৱা নোনা নৈৰ গতিবিধি নিৰীক্ষণ কৰে।

ইয়াৰ পিছত নলবাৰী জিলাৰ সৰিয়হতলীৰ বালভৱন বিদ্যাপীঠত উপস্থিত হৈ বানাক্ৰান্তসকলৰ শিবিৰ পৰিদৰ্শন কৰে। তেওঁলোকৰ সৈতে কথা-বতৰা পাতি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানাক্ৰান্তসকলৰ সকলো সমস্যা তথা অভাৱ-অভিযোগ, স্বাস্থ্য, খাদ্য, আদিৰ বিষয়ে বিতংভাৱে বুজ লয়। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে
বানপীড়িতসকলক উপযুক্ত চিকিৎসা সেৱা আৰু সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ কালিৰ পৰিভ্ৰমণকালত ৰাজহ মন্ত্ৰী ভৱেশ কলিতা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপাদেষ্টা হৃষিকেশ গোস্বামী, সহ নলবাৰী জিলা উপায়ুক্ত, ভালেইকেইগৰাকী ৰাজহ আৰু জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সংগ দিয়ে।