newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিবাহক লৈ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অবিবাহিত বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল মধ্য প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে৷

এই মন্তব্য প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীৰ পত্নী যশোদাবেনে৷ বুধবাৰে এক বিবৃতি যোগে যশোদাবেনে কয় ‘‘আনন্দিবেনে সংবাদ মাধ্যমত নৰেন্দ্ৰ মোডী অবিবাহিত বুলি প্ৰকাশ কৰিছে৷ এই মন্তব্যত মই স্তম্ভিত৷ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত দিয়া তথ্যত মোডীয়ে নিজেই মোৰ নাম পত্নী হিচাপে প্ৰকাশ কৰিছে৷’’

ইমানে নহয় মোডী পত্নীয়ে আৰু কয় যে এগৰাকী শিক্ষয়িত্ৰী সম্পৰ্কে এগৰাকী শিক্ষিত মহিলাই এনে মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক৷ এই মন্তব্যই প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তিও ম্লান কৰিছে৷ তেওঁ মোৰ বাবে সন্মানীয় ব্যক্তি৷ মোৰ বাবে তেওঁ ৰাম বুলিও কয় যশোদাবেনে৷ 

মোবাইল ফোনত ৰেকৰ্ড কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যশোদাবেনে৷