কোকৰাঝাৰঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুকলুঙৰ গভীৰ অৰণ্যত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত এজন এন ডি এফ বি(সং) সদস্য নিহত হোৱাৰ লগতে এছ এছ বিৰ উপ-পৰিদৰ্শক এজনৰো মৃত্যু হয়। ঘটনাটোত আন এজন এন ডি এফ বি সদস্য আহত হয়।
জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি সোমবাৰৰ মাজ নিশা চিৰাং আৰক্ষীৰ সহযোগত এছ এছ বি আৰু ভাৰতীয় সেনাই মানাহৰ গভীৰ অৰণ্য অঞ্চলত অভিযান চলায়। এই অভিযানত এছ এছ বিৰ দলটোক নেতৃত্ব দিছিল কমাণ্ডেণ্ট বিক্ৰমজিত সিংহই।
মাজ নিশাৰে পৰা চলা এই অভিযানত আজি দিনৰ ২ বজাত এন ডি এফ বিৰে এছ এছ বিৰ তুমুল সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষত এজন এন ডি এফ বি(সং) সদস্য নিহত হোৱাৰ লগতে আন এজন আহত হয়। অৱশ্যে আহত সদস্যজনে পলায়ন কৰিবলৈ সমৰ্থ হয়।
এন ডি এফ বি(সং)ৰ আন সদস্যসকলৰ সন্ধানত ইতিমধ্যে সেনা-আৰক্ষী আৰু এছ এছ বিয়ে অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তুলিছে। ইফালে এই সংঘৰ্ষত এছ এছ বিৰ এজন উপ-পৰিদৰ্শক নিহত হয়। নিহত উপ-পৰিদৰ্শকজনক অমল সৰকাৰ বুলি জানিব পৰা গৈছে।