newsnextone.com | ডিজিটেল ডেস্কঃ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ কিছু কিছু অঞ্চলত শনিবাৰে দ্বিতীয় দিনাও সান্ধ্য আইন জাৰি কৰা হৈছে৷ শুকুৰবাৰে গোটেই নিশা ধৰি চলা প্ৰতিবাদত উগ্ৰ প্ৰতিবাদকাৰীয়ে দুখন দোকান ভস্মীভূত কৰাৰ লগতে কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে৷ সমানে আৰক্ষী আৰু সাংবাদিকক আক্ৰমণ কৰে।

হিংসাত্মক ঘটনাত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়৷ কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আৰক্ষী অধীক্ষক ষ্টীফেন ৰিনজাক বিক্ষোভকাৰীয়ে এডাল লোহাৰ ৰডেৰে আক্ৰমণ কৰে৷ আঘাত প্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক শ্বিলং অসামাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ 

এই বিক্ষোভত আৰক্ষী সহ প্ৰায় ১০ গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে৷ ইফালে থেম মেটোৰৰ অঞ্চলসমূহত অবৈধভাৱে বসবাস কৰি অহা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন আৰম্ভ হৈছে৷

প্ৰতিবাদৰ মাজতে অশান্ত-স্পৰ্শকাতৰ অঞ্চলসমূত একাংশ দুস্কৃতিকাৰীয়ে শিল দলিয়াই আৰক্ষীক আক্ৰমণ কৰে৷ আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে সংঘৰ্ষ ৰোধ কৰিবলৈ ঠায়ে ঠায়ে কন্দুৱা গেছ নিক্ষেপ কৰ হয় যদিও আন আন অঞ্চলসমূহৰ প্ৰতিবাদকাৰীয়ে সুযোগ বুজি আৰক্ষীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে৷ 

উল্লখ্য যে, বৃহস্পতিবাৰে থেম মেটোৰ অঞ্চলত এগৰাকী বাছ সহায়কক স্থানীয় লোকে মাৰপিট কৰিছিল৷ এই ঘটনাৰ পিছতে ৰাজ্যখনৰ পৰিস্থিতি অশান্ত হৈ পৰে৷

আৰক্ষী বিষয়াই কয় যে এই ঘটনাৰ বিষয়ে ছচিয়েল মিডিয়াত ভুৱা প্ৰকাশ হোৱাৰ পিছতে পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰে৷ ছচিয়েল মিডিয়াত স্থানীয় লোকে মাৰপিট কৰা বাছ সহায়কজনৰ মৃত্যু ঘটা বুলি ভুৱা বাতৰি প্ৰচাৰ হয়৷ ইয়াৰ পিছতে থেম মেটোৰত বাছ চালক আৰু সহায়কসকলে একত্ৰিত হৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷

থেম মেটোৰৰ স্থানীয় লোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে একাংশ উদণ্ড লোকে স্থানীয় যুৱকক ধৰি মাৰপিট কৰাৰ দৰে কাণ্ড সংঘটিত হয়৷ পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰতিৰোধ কৰিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰে৷ আনহাতে একাংশ উদণ্ড লোকৰ আক্ৰমণত থিম মেটোৰৰ কেইবাজনো স্থানীয় যুৱক গুৰুতৰ ভাৱে আহত হয়৷

পূৱ খাচী হিলচ জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে আইন ব্যৱস্থা বৰ্তাই ৰাখিবৰ বাবে চহৰখনত সান্ধ্য আইন জাৰি কৰা হৈছে৷ তেওঁ কয় যে তিনিগৰাকী স্থানীয় যুৱকক মাৰপিটত কৰাৰ সৈতে জৰিত এগৰাকী অভিযুক্তক আটক কৰা হৈছে আৰু অন্য অভিযুক্তসকলৰ সন্ধানত অভিযান অব্যাহত আছে৷

ইফালে ভুৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে শনিবাৰে ইন্টাৰনেট সেৱাও বন্ধ কৰা হৈছে৷ ৰাজ্য চৰকাৰে শনিবাৰে এক আলোচনা যোগে ঘটনাৰ তদন্ত কৰিব বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে৷

জিলা উপায়ুক্ত পিএছ দকহৰে কয় যে লুমদিয়েংগজ্ৰী আৰক্ষী থানা আৰু কৌন্তোনমেন্ট বীত হাউচ ক্ষেত্ৰৰ অন্তৰ্গত ১৪টা অঞ্চলত শুকুৰাবে পুৱাৰ পৰা জাৰি কৰা সান্ধ্য আইন শনিবাৰেও অব্যাহত আছে৷ ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই শুকুৰবাৰে এখন উচ্চ স্তৰীয় বৈঠকত অংশ লয়৷ তেওঁ ৰাজ্যখনত শান্তি বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনায়৷ 

ৰাজ্যখনত সংঘটিত দুস্কৃতিক তীব্ৰ ভাষাৰে গৰিহণা দি খাচী ছাত্ৰ সংঘ, ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপ’ল আৰু হনীটপ য়ুথ কাউন্সিলে স্থানীয় লোকৰ সৈতে মাৰপিট সংঘটিত কৰা অপৰাধিক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ আৰু থেম মেটোৰত অবৈধ ভাৱে বসবাস কৰি অহা লোকসকলক উচ্ছেদ কৰিবলৈ দাবী জনাইছে।