ডিজিটেল ডস্কঃ পশ্চিম বংগৰ মুৰ্শ্বিদাবাদৰ বেলডাঙাত এখন বাছ দুৰ্ঘটনাত পতিত হৈ ৯গৰাকী লোকৰ মৃত্যু হয়৷ পুৱা প্ৰায় ৫ বজাত এখন যাত্ৰীবাহী বাছ এটি খাৱৈত বাগৰি পৰে৷ প্ৰায় ৩০গৰাকী যাত্ৰী থকা বাছ খনে আমতলাৰ পৰা বেলডঙা অঞ্চললৈ গৈ থকাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়৷ ঘল কুঁৱলিৰ বাবে সংঘটিত হয় এই ঘটনা৷

বাছ খন বাগৰি পৰাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ গাড়ীৰ ভিতৰৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলাই যদিওঁ থিতাতে ৭গৰাকী লোকৰ মৃত্যু হয়৷

আনহাতে মুৰ্শ্বিদাবাদ মেডিকেল কলেজত ২গৰাকী লোকৰ মৃত্যু হয়৷ আনহাতে গুৰুতৰ ভাৱে আহত হয় ১৪গৰাকী লোক বৰ্তমানেও চিকিৎসালয় চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পশ্চিম বংগৰ ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷