বঢ়মপুৰঃ চামগুৰিৰ কাৱৈমাৰি থানাত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ডকাইতি কাণ্ডৰে জড়িত থকা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল নগাঁও আৰক্ষী। অভিযুক্ত নুৰ মহম্মদক কাৱৈমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নগাওঁ জিলাৰ উপ-আৰক্ষী অধীক্ষক অসীমা কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে।

নগাওঁ জিলাত সংঘটিত বহু কেইটা ডকাইতিৰে জড়িত থকাৰ অভিযোগ আছে দূধৰ্ষ নুৰ মহম্মদৰ বিৰুদ্ধে। কিন্তু ৰহস্যজনক ভাৱে অভিযান কালত আৰক্ষীয়ে স্থানীয় ৰাইজৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি কাৱৈমাৰি থানা ঘেৰাও কৰি একাংশই উত্তপ্ত কৰি তোলে পৰিস্থিতি।

ক্ষুব্ধ একাংশ ৰাইজে অভিযুক্তজনক লৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ উপৰিও আৰক্ষী বিষয়া গৰাকীক আৱদ্ধ কৰি থোৱাৰ চেষ্টা কৰা দেখা পোৱা যায়। ইফালে নগাওঁ জিলা উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ৰাইজে উত্থাপন কৰা অভিযোগক পোনচাটেই নাকচ কৰি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এনে ধৰণৰ দুধৰ্ষ অপৰাধীৰ বিৰুদ্ধে উচিত তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

অৱশ্যে এনে ধৰণৰ অপৰাধী আৰক্ষীয়ে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত ৰাইজে অসহযোগ কৰা কাণ্ডৰ বিষয়ে সম্প্ৰতি বহুল ভাবে চৰ্চা চলিছে চামগুৰিৰ সচেতন মহলৰ মাজত।