ঝিয়াংচুঃ হঠাৎ লাজত মূৰ তল কৰিলে পথচাৰীসকলে। চালকসকলেও মুহূৰ্তৰ বাবে মূৰ ঘূৰাই গাড়ীৰ গতিবেগ বঢ়াই আঁতৰি গ’ল। ৯০ মিনিট ধৰি এনে ঘটনাই অব্যাহত থাকিল ৰাজপথত।
ঘটনাতো চীনৰ ব্যস্ত চহৰ ঝিয়াংচুৰ। এনডিটিভিত প্ৰকাশিত বাতৰি অনুযায়ী চীনা চহৰখনৰ ৰাজপথত থকা বৃহৎ ডিজিটেল স্ক্ৰীণত দিনদিয়েক পূৰ্বে দেখা যায় এক অদ্ভূত দৃশ্য। বিজ্ঞাপন প্ৰদৰ্শনৰ বাবে পথৰ দাঁতিত আঁৰি দিয়া এখন বৃহৎ স্ক্ৰীণত সেইদিনা দেখা পোৱা হোৱা নাছিল কোনো বিজ্ঞাপন।
►আৰু পঢ়কঃ এতিয়া কিমান লোকে গালি পাৰিছে মুখ্যমন্ত্ৰীক?
বিজ্ঞাপনৰ পৰিৱৰ্তে স্ক্ৰীণখনত দিন-দুপৰতে প্ৰদৰ্শিত হৈছিল পৰ্ণ ছবি। ৯০ মিনিট ধৰি একেৰাহে স্ক্ৰীণখনত তেনেদৰে পৰ্ণ ছবি চলি থকাত প্ৰতিজন পথচাৰী হতভম্ব হৈ পৰে। অধিকাংশ পথচাৰী আৰু বাহনৰ চালকে সেয়া আওকাণ কৰি আঁতৰি যোৱাৰ বিপৰীতে একাংশ লোকে উক্ত ঘটনাৰ ফটো আৰু ভিডিঅ’ ধৰি ৰাখি প্ৰেৰণ কৰে প্ৰশাসনলৈ।
বাতৰিটোত প্ৰকাশ পোৱা অনুযায়ী কৰ্মচাৰীৰ ভুলৰ বাবেই সংঘটিত হয় এনে লজ্জাজনক ঘটনা। যিগৰাকী কৰ্মচাৰী সেইসময়ত উক্ত স্ক্ৰীণখনৰ দায়িত্বত আছিল উক্ত কৰ্মচাৰীজনে স্ক্ৰীণখনৰ সৈতে সংলগ্ন হৈ থকা কম্পিউটাৰটোৰ সংযোগ বন্ধ হৈ আছিল বুলি ধৰি লৈ সেই ভিডিঅ’ প্লে কৰাৰ ফলতে তেনে হ’বলৈ পালে বুলি
চীনা আৰক্ষীয়ে সদৰী কৰিছে।
►আৰু পঢ়কঃ মৌনতা ভংগ! ভূমিপুত্ৰক শংকিত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
ইতিমধ্যে ঘটনা সন্দৰ্ভত উক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰী কৰিছে চীনা আৰক্ষীয়ে। উল্লেখ্য যে, বিগত বৰ্ষত ভাৰতৰ ৰাজধানী নতুন দিল্লীতো সংঘটিত হৈছিল এনে অবাঞ্চিত ঘটনা। ৰাজধানী চহৰখনৰ মেট্ৰ’ ষ্টেশ্যনৰ সমীপত থকা এখন ডিজিটেল স্ক্ৰীণত বহু সময় ধৰি প্ৰদৰ্শিত হৈছিল আপত্তিজনক ভিডিঅ’।