লালুকঃ লখিমপুৰ জিলাৰ বঙালমৰাৰ  আহমেদপুৰৰ  পথাৰত কৃষক ৰাইজে জ্বলালে কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি ৷ লগতে ক্ষুব্ধ কৃষকে পোকে খাই অনিষ্ট কৰি পেলোৱা বড়ো ধানৰ পথাৰত অগ্নি সংযোগ কৰি প্ৰতিবাদ জনায়৷

উল্লেখ্য যে বঙালমৰাৰ আহমেদপুৰ, বৰচলা, পানধোৱা, মহঘুলি, যুৱনগৰ, তিনিঠেংগীয়া, দৌলতপুৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ হেক্টৰ বড়ো ধানৰ পথাৰত ওলাইছে ধানৰ সলনি পতান৷ ইফালে পতানৰ বাহিৰেও পোকে খাই নিঃশেষ কৰি দিছে বৃহত্তৰ অঞ্চলৰ বড়ো ধানৰ খেতি ৷

ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষক ৰাইজক যোগান ধৰা  বড়ো ধানৰ বীজেৰে খেতি কৰি এতিয়া মূৰে কপালে  হাত  দিব  লগা  হৈছে দৰিদ্ৰ কৃষকে ৷ সেয়ে  সৰ্বশ্ৰান্ত হোৱা  এইসকল  কৃষকে  কৃষক  মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত  বুধবাৰে আহমেদপুৰৰ পথাৰত দাহ কৰিলে  কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি  আৰু  বিভাগটোৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

আনহাতে খবৰ লবলৈ যোৱা  কৃষি বিভাগৰ এগৰাকী গ্ৰামসেৱকক আবদ্ধ কৰি প্ৰশ্ন বানেৰে থকা সৰকা কৰে ৷ উল্লেখ্য যে অঞ্চলটোৰ শ-শ বড়ো ধানৰ দৰিদ্ৰ কৃৃষকে অতি কষ্টেৰে চৰকাৰী বীজেৰে বড়ো ধানৰ খেতি কৰিছিল যদিও উপায় বিহীন কৃষকে আগন্তক সময়ত তীব্ৰ খাদ্য সংকটত ভোগাৰ আশংকাত আত্মহননৰ হুংকাৰ দিছে৷