বাণিজ্য ডেস্কঃ অৱশেষত সিদ্ধান্তত চীল-মোহৰ লগালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। শুকুৰবাৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্তোষকুমাৰ গাংগৱাৰে জনায় যে অতি শীঘ্ৰেই বজাৰত ২০০ টকাৰ নতুন নোট আহিব। অৱশ্যে ২০০০ টকাৰ নোট বন্ধ কৰা হ’ব নে নাই সেই সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত আছে মন্ত্ৰীগৰাকী।
সাংবাদিকৰ আগত তেওঁ কয়, ”২০০০ টকীয়া নোট বন্ধ কৰা সন্দৰ্ভত এতিয়ালৈ আমাৰ হাতত কোনো খবৰ নাই। কিন্তু এই নোট কমকৈ ছপোৱা হৈছে আৰু ইয়াৰ অন্তৰালত বিশেষ কাৰণ আছে। হ’লেও নোট বন্ধ কৰি দিয়াৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কি নোট কমকৈ ছপোৱা হ’ব সেয়া ঠিক কৰে ৰিজাৰ্ভ বেংকে। ২০০০ টকাৰ নোট লৈ যি তথ্য আছে সেয়া ৰিজাৰ্ভ বেংকেহে দিব পাৰিব।’’ তেওঁ আৰু কয় যে অহা মাহৰ পৰা বজাৰত ২০০ টকীয়া নোট মুকলি কৰি দিয়া হ’ব। সেয়ে এতিয়া ইয়াৰ ছপাৰ কাম পূৰ্ণগতিত চলি আছে।