বাণিজ্য ডেস্কঃ অৱশেষত সিদ্ধান্তত চীল-মোহৰ লগালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। শুকুৰবাৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্তোষকুমাৰ গাংগৱাৰে জনায় যে অতি শীঘ্ৰেই বজাৰত ২০০ টকাৰ নতুন নোট আহিব। অৱশ্যে ২০০০ টকাৰ নোট বন্ধ কৰা হ’ব নে নাই সেই সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত আছে মন্ত্ৰীগৰাকী।
সাংবাদিকৰ আগত তেওঁ কয়, ''২০০০ টকীয়া নোট বন্ধ কৰা সন্দৰ্ভত এতিয়ালৈ আমাৰ হাতত কোনো খবৰ নাই। কিন্তু এই নোট কমকৈ ছপোৱা হৈছে আৰু ইয়াৰ অন্তৰালত বিশেষ কাৰণ আছে। হ’লেও নোট বন্ধ কৰি দিয়াৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কি নোট কমকৈ ছপোৱা হ’ব সেয়া ঠিক কৰে ৰিজাৰ্ভ বেংকে। ২০০০ টকাৰ নোট লৈ যি তথ্য আছে সেয়া ৰিজাৰ্ভ বেংকেহে দিব পাৰিব।’’ তেওঁ আৰু কয় যে অহা মাহৰ পৰা বজাৰত ২০০ টকীয়া নোট মুকলি কৰি দিয়া হ’ব। সেয়ে এতিয়া ইয়াৰ ছপাৰ কাম পূৰ্ণগতিত চলি আছে।
উল্লেখ্য যে অৰ্থনৈতিক বা-বাতৰি সংক্ৰান্তীয় দেশৰ এটি জনপ্ৰিয় নিউজ পৰ্টেলে ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰণালয়ৰ শীৰ্ষ সূত্ৰৰ উধৃতি দি প্ৰকাশ কৰিছিল যে ২০০০ টকীয়া নোট ছপোৱাতো একেবাৰে বন্ধ কৰি দিয়া হৈছে। বাতৰিটোত ২০০০ টকীয়া নোট বন্ধ কৰি দিয়া হ’ব পাৰে বুলিও উল্লেখ কৰিছে। দেশৰ প্ৰধান মেট্ৰ’ চহৰকেইখনত ২০০০ টকীয়া নোট এটিএমসমূহত উপলব্ধ নোহোৱাৰ প্ৰসংগ উল্লেখ কৰি পৰ্টেলটোৱে প্ৰকাশ কৰিছিল এই বাতৰি।
আনহাতে যোৱা ২৬ জুলাইত বিৰোধীয়ে অৰুণ জেটলিক ২০০০ টকীয়া নোট বন্ধ হ’ব নেকি বুলিও প্ৰশ্ন কৰিছিল। নোট ছপোৱাতো কিয় বন্ধ কৰা হৈছে বুলিও বিৰোধীয়ে বিত্তমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল। কিন্তু উত্তৰত টু শব্দ এটাও কৰা নাছিল জেটলিয়ে।
বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰই ২০০০ টকাৰ দৰে হাই ডিনমিনেশ্যন নোট বজাৰত কমকৈ চলাবলৈ পৰিকল্পনা কৰিছে। ২০০০ টকীয়া নোট বন্ধ নকৰি ২০০ টকীয়া নোটৰ প্ৰচলনেৰে বজাৰত ২০০ টকীয়া নোট এৰি দি কম ডিনমিনেশ্যন নোটৰ অধিক প্ৰচলন কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰা বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।