ডিজিটেল ডেস্কঃ বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ অংশীদাৰ তেলেগু দেশম পাৰ্টিৰ সৈতে মনোমালিন্য হোৱাৰ খবৰ প্ৰচাৰ হৈ আহিছে ৷ মিত্ৰজোট ভংগৰ দিশে আগবাঢ়িছিল দলটোৱে৷ কিন্তু এইমূহুৰ্তত মিত্ৰজোট ভংগ নকৰে টিডিপিয়ে এই কথা জনাই দলটোৰ নেতা তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ৱাই এছ চৌদাৰিয়ে৷
লগতে তেওঁ এই কথাও জনায় যে, বাজেটক কেন্দ্ৰ কৰি দলটোৱে অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও এই মূহুৰ্তত জোঁট এৰাৰ কোনো চিন্তাচৰ্চা কৰা নাই বুলি সদৰি কৰে৷ ইফালে, দেওবাৰে এক জৰুৰি বৈঠক আয়োজন কৰে টিডিপিয়ে৷ উক্ত বৈঠকতে বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত ৰখাৰ বিষয়ে গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে দলটোৱে।
চৰকাৰৰ লগত থাকি অন্ধ্ৰপ্ৰদেশৰ উন্নয়ণৰ বাবে বিভিন্ন পূজিঁ আৱন্টনৰ বাবে দলটোৱে কেন্দ্ৰক চাপ সৃষ্টি কৰিব সেই কথাও জনোৱা হয়৷ তদুপৰি, বাজেটত অন্ধ্ৰপ্ৰদেশৰ বাবে কোনোধৰনৰ ধন আৱন্টন নিদিয়াৰ সন্দৰ্ভত তেওঁলোকে সংসদত প্ৰশ্ন উত্থাপন কৰিব বুলি জনায় দলটোৰ সাংসদসকলে৷