newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত সুৰক্ষিত নহয় অবলা নাৰী, কণমানি শিশু, কিশোৰী৷ দেশৰ ৰাজধানী দিল্লীত নিতৌ ২গৰাকী শিশু-কিশোৰী ধৰ্ষণৰ বলি হয়৷ 

২০১৮ বৰ্ষত প্ৰতিদিনে দেশৰ ৰাজধানী দিল্লীত ২টাকৈ শিশু ধৰ্ষণৰ বলি হৈ আহিছে৷ দিল্লী আৰক্ষীৰ শেহতীয়া ৰিপৰ্টত এই কথা ওলাই পৰিছে৷ 

২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈ ২৮২টা শিশু ধৰ্ষণৰ গোচৰ ৰুজু হৈছে৷ জানুৱাৰী মাহ আৰম্ভ হোৱাৰ সময়তে দিল্লীৰ নেতাজী সুভাষ প্লেচত ৮ বছৰৰ শিশু কন্যা ধৰ্ষণৰ বলি হৈছিল৷ এপ্ৰিলত গাজিয়াবাদৰ মাদ্ৰাছাত এটি ১০ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হয়৷ এয়া কেৱল উদাহৰণ হে৷

এই বছৰত দিল্লীত মুঠ ৮৯৪টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে৷