বিধ্বস্ত ২৩৭ খন গাঁৱৰ ১১,৩১৩৫ হেক্টৰ কৃষি ভূমি

মঙ্গলদৈঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিও দৰং‌ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত আছে । শেহতীয়া তথ্য অনুসৰি জিলাখনৰ মুঠ ২৩৭ খন গাও, ১১,৩১৩.৫ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ আছে । বানত ক্ষতিগ্ৰস্থ হৈছে ২,৪৩,৯৭৯ জন লোক । জিলাখনৰ মঙলদৈ ৰাজহ চক্ৰত ১২ টা , ছিপাঝাৰ ৰাজহ চক্ৰৰ ১ টা, পাথৰিঘাট ৰাজহ চক্ৰত ৭ টা আৰু দলগাওঁ ৰাজহ চক্ৰৰ ২৩ টা বান সাহাৰ্য্য শিবিৰকে ধৰি মুঠ ৪৩ টা বান সাহাৰ্য্য শিবিৰ স্থাপন কৰা হৈছে । 

ইয়াৰে মঙলদৈ আৰু ছিপাঝাৰ সাহাৰ্য্য শিবিৰত বাহৰ পাতি আছে ১০,৮৪৭ জন লোকে । ইতিমধ্যে খোৱাপানীৰ উপৰিও ২১৪০.১৬ কুইণ্টল চাউল , ৪১২.১৬ কুইণ্টল দাইল, ১২৪.৮৬ কুইণ্টল নিমখ, ১০০ পেকেট গাখীৰ (২০০ গ্ৰামকৈ) বিতৰণ কৰা হৈছে । ১০ ট্ৰাক পশুখাদ্য বিতৰণ কৰা হৈছে ।

জিলা উপায়ুক্ত ঘনশ্যাম দাসে জিলাখনৰ সমগ্ৰ বান পৰিস্থিতি সূক্ষ্মভাৱে অধ্যয়ন কৰি উদ্ধাৰ তথা সাহাৰ্য অভিযানত জিলাখনৰ প্ৰতিজন দণ্ডাধীশ তথা প্ৰতিজন নিয়োজিত বিষয়া-কৰ্মচাৰীক সৰ্বোত্তম প্ৰকাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। বানাক্ৰান্ত লোকৰ লগতে ঘৰচীয়া জীৱ-জন্তুসমূহৰ বাবেও যাতে খাদ্য-সামগ্ৰী যোগান ধৰা হয়, তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে। জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ সূত্ৰ অনুসৰি জিলাখনত ব্ৰহ্মপুত্ৰ, বৰনদী, ননৈ, মঙলদৈ, নোৱানদী, শাকতোলা নদীৰ পানী এতিয়াও বিপদসীমাৰ যথেষ্ট ওপৰেৰে প্ৰবাহিত হৈ আছে।